লখিমপুৰত মুণ্ডন কৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ

By

Published : Sep 23, 2021, 4:18 PM IST

thumbnail

লখিমপুৰ জিলাত ক্ৰমে তীব্ৰ ৰূপ ধাৰণ কৰিছে বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনে ৷ শেহতীয়াকৈ প্ৰায় প্ৰতিদিনেই নামনি সোৱণশিৰি জল বিদুৎ প্ৰকল্প বন্ধৰ দাবীত চলা আন্দোলনে উত্তাল কৰি ৰাখিছে লখিমপুৰ জিলা ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে সোৱণশিৰি প্ৰকল্প বন্ধৰ দাবীত লখিমপুৰ নগৰৰ মাজ মজিয়াত অসমীয়া যুৱ মঞ্চই মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত NHPC য়ে ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই ৷ উল্লেখ্য যে, ডাঃ ৰণোজ পেগু, ভূৱন পেগু আদি নেতাই নদীবান্ধৰ বিৰুদ্ধে আন্দোলন কৰি এতিয়া গাদী দখল কৰাৰ পাছত নীৰব হৈ ৰোৱা বিষয়টো তীব্ৰ ককৰ্থনা কৰে প্ৰতিবাদকাৰী সকলে ৷ লগতে প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰ তথা NHPC ক ধিক্কাৰ দি অচিৰেই প্ৰকল্পটো বন্ধ কৰাৰ দাবী জনাই প্ৰতিবাদ কাৰী সকলে ৷ অন্যথা ইয়াৰ বিৰুদ্ধে সংগঠনৰ সদস্যই আত্মজাহ দিব বুলিও হুংকাৰ দিয়ে অসমীয়া যুৱ মঞ্চই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.