বিগত 6 বছৰত ৰাজ্যবাসীৰ ওপৰত বৃদ্ধি পোৱা ঋণৰ বোজাৰ বিৱৰণ...

author img

By

Published : Sep 23, 2021, 1:43 PM IST

debt burden on the people of assam

কেন্দ্ৰীয় পৰিসংখ্যা আৰু প্ৰকল্প ৰূপায়ণ মন্ত্ৰালয়ৰ ‘সৰ্বভাৰতীয় ঋণ আৰু বিনিয়োগ জৰীপ’(All India Debt and Investment Survey) শীর্ষক প্ৰতিবেদন অনুসৰি, ৰাজ্যত বৃদ্ধি পাইছে ঋণৰ বোজা । ক’ভিড(Covid)ৰ সময়চোৱাত জনসাধাৰণ অধিক ঋণগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে । অসমৰ ৰাইজে লোৱা মুঠ ঋণৰ 12 শতাংশই হৈছে অপ্ৰতিষ্ঠানিক ঋণ । অধিক জানিবলৈ সবিশেষ পঢ়ক...

গুৱাহাটী, 23 ছেপ্তেম্বৰ : ৰাজ্যবাসীৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ঋণৰ বোজা । বিশেষকৈ প্ৰতিদিনে একোটা পৰিয়ালৰ ওপৰত ঋণৰ বোজা বৃদ্ধি পাব ধৰিছে । কেন্দ্ৰীয় পৰিসংখ্যা আৰু প্ৰকল্প ৰূপায়ণ মন্ত্ৰালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা ‘সৰ্বভাৰতীয় ঋণ আৰু বিনিয়োগ জৰীপ’(All India Debt and Investment Survey) শীর্ষক প্ৰতিবেদন অনুসৰি, সামগ্ৰিকভাৱে অসমৰ গ্ৰামাঞ্চলত এটা পৰিয়ালৰ ঋণ হৈছে 16,000 টকা ।

debt burden on the people of assam
ৰাজ্যবাসীৰ ওপৰত বৃদ্ধি পোৱা ঋণৰ বোজা

উক্ত প্ৰতিবেদনত 2012 চনৰ পৰা 2018 চনলৈ পৰিসংখ্যাৰ তুলনাত্মক বিশ্লেষণ দাঙি ধৰা হৈছে । দেখা গৈছে বিগত 6 বছৰৰ ভিতৰত অসমৰ গ্ৰামাঞ্চলত সাধাৰণ ৰাইজৰ ঋণ 3 গুণতকৈও অধিক বৃদ্ধি পাইছে । প্ৰতিবেদন অনুসৰি, 2012 চনত অসমৰ গ্ৰামাঞ্চলৰ পৰিয়াল এটাৰ গড় ঋণৰ পৰিমাণ আছিল 5 হাজাৰ টকা । ছয় বছৰৰ ভিতৰত এই ঋণৰ পৰিমাণ 16 হাজাৰ টকালৈ বৃদ্ধি পোৱাটো এক উদ্বেগৰ বিষয় ।

ইফালে চহৰাঞ্চলতো বৃদ্ধি পাইছে ঋণৰ বোজা । প্ৰতিবেদনত উল্লেখিত অনুসৰি, 2012 চনত ৰাজ্যৰ চহৰাঞ্চলৰ পৰিয়াল এটাৰ গড় ঋণৰ পৰিমাণ আছিল 37 হাজাৰ টকা । ছয় বছৰ অন্তত 2018 চনত চহৰাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ ঋণৰ পৰিমাণ বৃদ্ধি পাইছে 77 হাজাৰ টকালৈ । অর্থাৎ মাত্ৰ 6 বছৰতে ঋণৰ পৰিমাণ বৃদ্ধি পাইছে দুগুণতকৈও অধিক ।

debt burden on the people of assam
ৰাজ্যবাসীৰ ওপৰত বৃদ্ধি পোৱা ঋণৰ বোজা

চলিত সপ্তাহত প্ৰকাশ পোৱা ‘ইকৰেপ’ শীর্ষক আন এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ 19.5 শতাংশই হৈছে চৰকাৰী ঋণ । সেই অনুসৰি 2020-21 বিত্তীয় বর্ষৰ হিচাপত ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ হৈছে 79,755 কোটি টকা । লক্ষণীয় বিষয় যে, ক’ভিড(Covid) পৰিস্থিতিয়ে চৰকাৰতকৈ সৰ্বসাধাৰণ ৰাইজক আৰু অধিক ঋণগ্ৰস্ত কৰিব বুলি ইংগিত প্ৰদান কৰিছে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গৱেষণামূলক গোটটোৱে ।

debt burden on the people of assam
ৰাজ্যবাসীৰ ওপৰত বৃদ্ধি পোৱা ঋণৰ বোজা

সামগ্ৰিকভাৱে ভাৰতৰ সাধাৰণ ৰাইজৰ ঋণৰ পৰিমাণ 2019-20 চনৰ 32.5 শতাংশৰ পৰা 2020-21 চনত 37.3 শতাংশ বৃদ্ধি পোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে । এইক্ষেত্ৰত এক চৰকাৰী পৰিসংখ্যাও দাঙি ধৰা হৈছে । পৰিসংখ্যাত কোৱা হৈছে যে, 2020-21 বিত্তীয় বর্ষত ভাৰতৰ পৰিয়ালকেন্দ্ৰিক ঋণৰ পৰিমাণ আছিল 73.59 লাখ কোটি টকা ।

চলিত 2021-22 বিত্তীয় বর্ষৰ প্ৰথম ত্ৰৈমাসিক পৰিসংখ্যাত দেখা গ’ল যে, ভাৰতৰ পৰিয়ালকেন্দ্ৰিক ঋণৰ পৰিমাণ বৃদ্ধি পাইছে 75 লাখ কোটি টকালৈ । অর্থাৎ মাত্ৰ তিনি মাহৰ ভিতৰতে দেশৰ জনতাৰ ঋণৰ বোজা বৃদ্ধি পালে 1.41 লাখ কোটি টকা । আনহাতে ‘India Debt and Investment Survey’ৰ প্ৰতিবেদন অনুসৰি, 2012 চনত সামগ্ৰিকভাৱে ভাৰতৰ গ্ৰামাঞ্চল আৰু চহৰাঞ্চলৰ পৰিয়াল এটাৰ গড় ঋণৰ পৰিমাণ আছিল ক্ৰমে 59,748 আৰু 1.20 লাখ টকা ।

debt burden on the people of assam
ৰাজ্যবাসীৰ ওপৰত বৃদ্ধি পোৱা ঋণৰ বোজা

ঠিক সেইদৰে ‘India Debt and Investment Survey’ত প্ৰকৃত ঋণগ্ৰস্ত পৰিয়ালৰো সুকীয়া এক পৰিসংখ্যা দাঙি ধৰা হৈছে । 2018 চনৰ হিচাপত অসমৰ ঋণগ্ৰস্ত পৰিয়ালৰ গড় ঋণৰ পৰিমাণ হৈছে 85,000 টকা । উদ্বেগৰ বিষয়টো হৈছে যে, অসমৰ ৰাইজে লোৱা মুঠ ঋণৰ 12 শতাংশই হৈছে অপ্ৰতিষ্ঠানিক ঋণ । অর্থাৎ বেংক প্ৰদত্ত সুদৰ কেইবাগুণ বেছি সুদ প্ৰদানেৰে ব্যক্তিগত খণ্ডৰ পৰাই ৰাইজে এক ব্যাপক পৰিমাণৰ ঋণ লৈছে । যাৰ সুদূৰপ্ৰসাৰী বিৰূপ প্ৰভাৱ পৰাৰ আশংকা আছে ।

লগতে পঢ়ক: বিটিআৰৰ শিক্ষা বিভাগত ব্যাপক ৰদবদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.