বিটিআৰৰ শিক্ষা বিভাগত ব্যাপক ৰদবদল

author img

By

Published : Sep 23, 2021, 9:51 AM IST

Reshuffle in BTR Education Department

বিটিআৰ পৰিষদীয় চৰকাৰৰ শিক্ষা বিভাগত ব্যাপক সালসলনি । বুধবাৰে এক নিৰ্দেশনাযোগে কেইবাগৰাকীও শিক্ষা বিষয়াক বদলি কৰা হৈছে আন ঠাইলৈ । কোকৰাঝাৰ জিলা শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মক একে পদতে ওদালগুৰি জিলালৈ বদলি কৰা হৈছে ।

কোকৰাঝাৰ, ২৩ ছেপ্টেম্বৰ : বিটিআৰ পৰিষদীয় চৰকাৰৰ শিক্ষা বিভাগৰ কেতবোৰ সিদ্ধান্তক লৈ বিগত দিনবোৰত বহু লোকে অসন্তুষ্টি ব্যক্তি কৰিছিল । বিশেষকৈ শিক্ষক নিযুক্তিৰ প্ৰসংগক লৈ টেট উত্তীৰ্ণ একাংশ প্ৰাৰ্থীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল । এই প্ৰাৰ্থীসকলে শীঘ্ৰে নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছিল ।

আনহাতে, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱেও শেহতীয়াকৈ শিক্ষাখণ্ডত সংস্কাৰ সাধনৰ কথা কৈছিল । ইয়াৰ মাজতে বিটিআৰ পৰিষদীয় চৰকাৰৰ শিক্ষা বিভাগত ব্যাপক ৰদবদল কৰাৰ সিদ্ধান্ত লোৱা হৈছে । এই সন্দৰ্ভত বুধবাৰে বিভাগৰ তৰফৰ পৰা এক নিৰ্দেশনা জাৰি কৰা হৈছে ।

Reshuffle in BTR Education Department
বিটিআৰৰ শিক্ষা বিভাগত ব্যাপক ৰদবদল

নিৰ্দেশনা অনুসৰি কোকৰাঝাৰ জিলা শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মক একে পদতে ওদালগুৰি জিলালৈ বদলি কৰা হৈছে । চিৰাং জিলাৰ জিলা শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক জগদীশ প্ৰসাদ ব্ৰহ্মক কোকৰাঝাৰলৈ একে পদত বদলি কৰা হৈছে । তদুপৰি জগদীশ প্ৰসাদ ব্ৰহ্মই বিটিআৰৰ শিক্ষা সঞ্চালক হিচাপে পূৰ্বৰ দৰেই কাৰ্যনিৰ্বাহ কৰি থাকিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ।

আনহাতে, বিজয় বৈষ্ণৱক চিৰাং জিলাৰ জিলা শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিবলৈ অনুমতি প্ৰদান কৰাৰ বিপৰীতে বাক্সাৰ জিলা শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক ভৱেন দেউৰীক ওদালগুৰি জিলা শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক পদৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ।

লগতে পঢ়ক: ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰে উদুলি-মুদুলি আনন্দৰাম বৰুৱা ক্ষেত্র

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.