অসম

assam

অসমত আৰম্ভ হ'ব ভিষ্টাড'ম ৰে’ল সেৱা

By

Published : Aug 4, 2021, 11:57 AM IST

অসমৰ পৰ্যটন ক্ষেত্ৰক আগুৱাই নিয়া স্বাৰ্থতে ভাৰতীয় ৰে’ল বিভাগে ভিষ্টাড'ম ৰে’ল সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । প্ৰাথমিক অৱস্থাত গুৱাহাটীৰ পৰা নিউ হাফলং ষ্টেচনৰ মাজত আৰম্ভ হ'ব ৰে’ল এই সেৱা ।

vistadome train in Assam
অসমত আৰম্ভ হ'ব ভিষ্টাড'ম ৰেল সেৱা

ডিমা হাছাও, ৪ আগষ্ট :ভিষ্টাড'ম ৰে’লৰ (vistadome train) কথা আপুনি শুনিছে নে ? বিদেশত বহু বছৰ আগৰ পৰাই এই ৰে’ল চলাচল হৈ আছে । ইতিমধ্যে কৰ্ণাটকৰ লগতে দুই এখন ৰাজ্যত এই ৰে’লৰ চলাচল আৰম্ভ কৰা হৈছে । এইবাৰ অসমবাসীৰ বাবেও আহিল সুখবৰ । কিয়নো অসমতো আৰম্ভ হ'ব এই ভিষ্টাড'ম ৰে’লৰ চলাচল ।

পিছে এই ভিষ্টাড'ম ৰে’ল সেৱানো কি ? পৰ্যটন ক্ষেত্ৰক (Tourism) আগবঢ়াই নিয়াৰ বাবে এই ভিষ্টাড'ম সেৱাৰ আৰম্ভ কৰা হৈছে ভাৰতত । যাত্ৰীসকলে এই ৰে’লত যাত্ৰা কৰাৰ সময়ত বাহিৰৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ আনন্দ ল'ব পাৰে । অৰ্থাৎ এই ৰে’লত ডাঙৰ ডাঙৰ গ্লাচৰ খিৰিকী থাকে ।

অসমত আৰম্ভ হ'ব ভিষ্টাড'ম ৰেল সেৱা

লগতে ইয়াত যাত্ৰীৰ আসনবোৰো চাৰিওফালে ঘূৰাব পৰা ব্যৱস্থা থাকে । লগতে বিভিন্ন ধৰণৰ সুবিধা থাকে এই অত্যাধুনিক ভিষ্টাড'ম ৰে’লত ।

অসমৰ পৰ্যটন ক্ষেত্ৰক আগুৱাই নিয়া স্বাৰ্থতে ভাৰতীয় ৰে’ল বিভাগে (Indian Railway) এই ভিষ্টাড'ম ৰে’ল সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । প্ৰাথমিক অৱস্থাত গুৱাহাটীৰ পৰা নিউ হাফলং ষ্টেচনৰ মাজত আৰম্ভ হ'ব এই সেৱা । সপ্তাহত এদিন, প্ৰতি শনিবাৰে গুৱাহাটীৰ পৰা নিউহাফলং ষ্টেচনলৈ চলিব এই ভিষ্টাড'ম ৰে’লখন ।

অত্যাধুনিক সুবিধাযুক্ত এই ভিষ্টাড'ম ৰে’লত পৰ্যটকসকলে অসমৰ অন্যতম পাহাৰীয়া জিলাৰ প্ৰাকৃতিক মনোৰম আৰু নৈসৰ্গিক দৃশ্য ৰে’লৰ ভিতৰত বহিয়ে উপভোগ কৰিব পাৰিব । উল্লেখ্য যে, ভাৰতীয় ৰে’লে পৰ্যটকৰ সুবিধাৰ্থে গুৱাহাটী আৰু নিউহাফলঙৰ মাজত ভিষ্ঠাড'ম ৰে’ল চলোৱাৰ যি পৰিকল্পনা গ্ৰহণ কৰিছে ইয়াৰ দ্বাৰা ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে ৷

ইয়াৰ উপৰিও পৰ্যটনৰ সংখ্যা বৃদ্ধি পালে পাহাৰীয়া জিলাখনৰ অৰ্থনৈতিক অৱস্থাও উন্নত হ'ব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে, শেহতীয়াকৈ ৰে’ল বিভাগে অসমৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইতিমধ্যে ৰে’লসমূহত বৈদ্যুতিকৰণৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে অসমত । এইবাৰ এই ভিষ্টাড'ম ৰে’ল সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে অসমবাসীৰ মাজত তীব্ৰ কৌতূহল দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :লাভলীনাৰ বিজয় কামনাৰে নেহৰু ষ্টেডিয়ামত মুখ্যমন্ত্রীৰ বন্তি প্ৰজ্বলন

ABOUT THE AUTHOR

...view details