অসম

assam

হাফলঙত তৃণমূল কংগ্ৰেছৰ বিশাল ৰেলী

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 7:52 PM IST

NC Hills Council Election : নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা বিশাল ৰড শ্ব’ বাহিৰ কৰে তৃণমূল কংগ্ৰেছৰ হাফলঙৰ প্ৰাৰ্থী আচিং জেমেয়ে ৷ এই বিশাল ৰেলীত অংশগ্ৰহণ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱৰ লগতে দলটোৰ ৰাজ্যিক নেতৃত্বই ৷

NC Hills Council Election
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন

হাফলঙত বিশাল ৰড শ্ব’

হাফলং, 6 জানুৱাৰী : ডিমা হাছাওত এতিয়া নিৰ্বাচনী জ্বৰ ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি জিলাখনত এতিয়া দল সমূহৰ ব্যাপক ৰাজনৈতিক কুচকাৱাজ ৷ পৰিষদৰ সমষ্টি সমষ্টিয়ে এতিয়া ৰাজনৈতিক দল সমূহে চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷

শনিবাৰে পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা ডিমা হাচাওত শক্তি প্ৰদৰ্শন কৰিলে তৃণমূল কংগ্ৰেছে ৷ সহাস্ৰাধিক বাইক, অ’টো আৰু চাৰিচকীয়া বাহনেৰে ডিমা-হাছাওত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা বিশাল ৰড শ্ব’ বাহিৰ কৰে তৃণমূল কংগ্ৰেছৰ হাফলঙৰ প্ৰাৰ্থী আচিং জেমেয়ে ৷ আজি ল’ৱাৰ হাফলঙৰ পৰা উলিওৱা এই বিশাল ৰেলীত অংশগ্ৰহণ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰা, তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ লগতে দলটোৰ ৰাজ্যিক নেতৃত্বই ৷ এই ৰেলীত তৃণমূল কংগ্ৰেছৰ বহুসংখ্যক সমৰ্থকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

নামনি হাফলঙৰ পৰা ওলাই অহা এই ৰেলীৰ সময়ত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী তথা ডিমা- হাছাও তৃণমূল কংগ্ৰেছৰ সভাপতি আচিং জেমেক বিভিন্ন স্থানত নগা, গোৰ্খা, ডিমাচা, মাৰ সম্প্ৰদায়ৰ ৰাইজে গামোচাৰে আদৰণি জনায় ৷ এই ৰেলীত আচিং জেমেৰ সমৰ্থক সকলে - "বিজেপি হাটাও, দেশ বাচাও, আচিং জেমে জিন্দাবাদ, চাহিয়ে পানী টো লাও আচিং জেমি" আদি শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে ৷

ইফালে ৰেলীৰ সময়ত উপস্থিত সংবাদ মাধ্যমক উদ্দেশ্যি আচিং জেমেয়ে কয় যে, দীৰ্ঘদিন ধৰি হাফলংবাসীয়ে প্ৰকৃত উন্নয়ন দেখা পোৱা নাই ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ল’ৱাৰ হাফলং আৰু গৰমপানীৰ মাজৰ ৰাস্তা দিয়াৰ কথা কৈছে, কিন্তু একাংশ বিজেপি নেতাৰ ভূমি কেলেংকাৰীৰ ফলত এই পথ সম্পূৰ্ণ হৈ উঠা নাই ৷ ভূমিৰ প্ৰকৃত গৰাকীয়ে ন্যাৰ্য ধন পাব লাগে বুলি কয় তেওঁ ৷

তেওঁ কয় যে, বছৰ বছৰ ধৰি হাফলঙত খোৱা পানীৰ সমস্যা সমাধান হোৱা নাই ৷ বিগত 70 বছৰত বিভিন্নজন প্ৰতিনিধি পৰিষদলৈ নিৰ্বাচিত হৈছে ৷ কিন্তু নিৰ্বাচিত হোৱাৰ পিছত ৰাইজৰ দুখ-দুৰ্দশা পাহৰি যায় ৷ সেয়েহে অসম তৃণমূল কংগ্ৰেছ এইবাৰ ৰাইজৰ কাষ চাপিছে বুলি কয় তেওঁ ৷ তেওঁ লগতে তৃণমূল কংগ্ৰেছ হৈছে ৰাইজৰ সমস্যাৰ হকে মাত মতা একমাত্ৰ দল বুলিও উল্লেখ কৰে ৷

লগতে পঢ়ক :কংগ্ৰেছে এইবাৰ উত্তৰ পূৰ্বাঞ্চলত ন্যায় প্ৰতিষ্ঠাৰ হকে যুঁজিব : মহিমা সিং

ABOUT THE AUTHOR

...view details