অসম

assam

প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইৰ বিৰুদ্ধে সৰৱ থাওৰা ব্লক কংগ্ৰেছ

By

Published : Sep 4, 2021, 12:12 PM IST

thowra block Congress Prees meet
প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে সৰৱ থাওৰা ব্ল’ক কংগ্ৰেছ

প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহায়ে মিছা প্ৰতিশ্ৰুতিৰে থাওৰাৰ কংগ্ৰেছ কৰ্মীসকলক বিজেপিলৈ নিয়াৰ চক্ৰান্ত কৰাৰ অভিযোগ থাওৰা ব্লক কংগ্ৰেছৰ ৷ সুশান্ত বৰগোঁহায়ে এছক’ৰ্ট গাড়ী ব্যৱহাৰ কৰি ঘূৰি-ফুৰাৰ সন্দৰ্ভতো বিধানসভাৰ অধ্যক্ষক সংবাদমেলযোগে প্ৰশ্ন থাওৰা ব্লক কংগ্ৰেছৰ ।

মৰাণ, 4 ছেপ্তেম্বৰ : প্ৰাক্তন কংগ্ৰেছী তথা প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে থাওৰা কংগ্ৰেছ । ডিমৌৰ ৰাজীৱ ভৱনত থাওৰা ব্লক কংগ্ৰেছে এক সংবাদমেল সম্বোধন কৰি সদ্য বিজেপি নেতা সুশান্ত বৰগোঁহাইক তীব্ৰ সমালোচনা কৰে ।

থাওৰা ব্লক কংগ্ৰেছৰ সভাপতি ডম্বৰু টাওৱে সংবাদমেলত প্ৰাক্তন বিধায়ক গৰাকীয়ে চৰকাৰী ই-ৰিক্সা বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে কেনেকৈ অংশগ্ৰহণ কৰিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে ৷ ডম্বৰু টাওৱে লগতে কয় যে, সুশান্ত বৰগোঁহাই বৰ্তমান এজন সাধাৰণ ব্যক্তি ।

থাওৰা ব্লক কংগ্ৰেছৰ সংবাদমেল

তেওঁ চলে-বলে থাওৰাৰ কংগ্ৰেছ কৰ্মীসকলক মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰি বিজেপিলৈ নিয়াৰ চক্ৰান্ত কৰি অহা বুলিও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে । ব্লক কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰাক্তন বিধায়কগৰাকীক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে । সুশান্ত বৰগোঁহায়ে বিধানসভাৰ অধ্যক্ষক দিয়া বিধায়কৰ পদত্যাগ পত্ৰ গৃহিত হোৱা-নোহাৱাৰ সন্দৰ্ভতো প্ৰশ্ন কৰে ৷

যদি পদত্যাগ পত্ৰ গৃহিত হ'ল, তেন্তে কেনেদৰে সুশান্ত বৰগোঁহায়ে এছক’ৰ্টযুক্ত বাহন ব্যৱহাৰ কৰি ঘূৰি ফুৰিছে বুলি টাওৱে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক সংবাদমেলযোগে প্ৰশ্ন কৰে । সংবাদমেলত জিলা কংগ্ৰেছৰ সভাপতি লক্ষীনাথ সন্দিকৈ, শিৱসাগৰ জিলাৰ আইন অধ্যক্ষ বিদ্যুৎ গগৈ, থাওৰা ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ প্ৰশান্ত বৰগোঁহাই আৰু মিডিয়া বিভাগৰ শিৱসাগৰ জিলাৰ সভাপতি বিজিত দত্ত উপস্থিত থাকে ।

লগতে পঢ়ক :লক্ষ্য ভৱানীপুৰ : বিজেপিৰ উপ নিৰ্বাচন সমিতি গঠন

ABOUT THE AUTHOR

...view details