ডিমা হাছাও,১৪ মে': ডিমা হাছাও জিলাত ভয়ংকৰ ভূমিস্খলনৰ ফলত শিলচৰ-লামডিঙৰ মাজত ৰেলসেৱা অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰা হৈছে (Lumding Silchar train service cancelled indefinitely due to landslide)। পাহাৰীয়া জিলাখনৰ বিভিন্ন অংশত ভূমিস্খলনৰ ফলতে বন্ধ হৈ পৰে এই ৰে'ল সেৱা ।
ইপিনে অনিৰ্দিষ্ট কালৰ বাবে জিলাখনৰ মাজেৰে ৰেলৰ চলাচল বন্ধ হৈ পৰাৰ বাবে নিউ হাফলং ষ্টেচনত আবদ্ধ হৈ পৰিছে গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰে'লখন । ফলত খাদ্যৰ অভাৱত প্ৰায় ২ হাজাৰ ৰে'ল যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । নিউ হাফলং ষ্টেচনৰ পৰা হাফলং চহৰলৈ এই পথচোৱা ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰাত যাত্ৰী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।