অসম

assam

সন্তোষ হোজাই হত্যাকাণ্ড : 8 মে' ৰ ভিতৰত আৰক্ষীক হত্যাকাণ্ডৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ !

By

Published : May 5, 2020, 7:19 PM IST

ডিমা হাছাও জিলাৰ হাৰেংগাজাওত সংঘটিত সন্তোষ হোজাই হত্যাকাণ্ড সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীক্ষৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ ৷ হত্যাকাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠন কৰি 8 মে'ত প্ৰতিবেদন দাখিল কৰিব লাগিব আৰক্ষীয়ে ৷ 24 এপ্ৰিলত নিজা বাসগৃহৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰা সন্তোষ হোজাইৰ মৃতদেহ উদ্ধাৰ হৈছিল 30 এপ্ৰিলত ৷ হত্যাকাণ্ডত নাম সাঙোৰ খাইছে জিলাখনৰ উপ আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাণৰ ৷

high court ordered to Assam police to make SIT
high court ordered to Assam police to make SIT

ডিমা হাছাও, 5 মে' : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ডিমা হাছাও জিলাৰ হাৰেংগাজাওত সংঘটিত সন্তোষ হোজাই হত্যাকাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠন কৰিলে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই । সন্তোষ হোজাইৰ পত্নী জয়তা হোজাইয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন ৷ এই আবেদনৰ ভিত্তিত শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লম্বা আৰু সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপীঠে সন্তোষ হোজাইৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠন কৰাৰ নিৰ্দেশ দিয়ে ৷ তাৰ পাচতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই দক্ষিণ অসম প্ৰান্তৰ ডি আই জি দিলীপ কুমাৰ দে'ৰ নেতৃত্বত গঠন কৰি দিয়ে বিশেষ তদন্তকাৰী গোট ৷ এই বিশেষ তদন্তকাৰী গোটত আছে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈ, অতিৰিক্ত আৰক্ষী অধীক্ষক মানবেন্দ্ৰ গগৈ আৰু কাছাৰ আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক সঞ্জীৱ ভাৰ্গৱ গোস্বামী ৷

এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰি আছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । অহা 8 মে' ৰ ভিতৰত অসম আৰক্ষীক এই হত্যাকাণ্ডৰ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ অজয় লম্বা আৰু সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপীঠে COVID-19 মহামাৰীৰ দোহাই দি তদন্ত প্ৰক্ৰিয়া লেহেমীয়া কৰিব নোৱাৰিব বুলি অসম আৰক্ষীক নিৰ্দেশ দিয়ে ৷ অহা 8 মে'ত এই গোচৰৰ শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লম্বা আৰু সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপীঠে ।

8 মে' ৰ ভিতৰত আৰক্ষীক হত্যাকাণ্ডৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ !

ইপিনে, মঙলবাৰে সন্তোষ হোজাইৰ নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত আৰু এই হত্যাকাণ্ডৰ ঘটনাৰ NIAৰ তদন্ত দাবী জনায় সদৌ ডিমাচা ছাত্ৰ সন্থা, জাদিখে নাইছো হসম আৰু বিভিন্ন দল সংগঠনে হাফলং জিলা উপযুক্ত কাৰ্যালৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী পালন কৰাৰ লগতে জিলা উপযুক্ত অমিতাভ ৰাজখোৱাৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত সাহলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । আৰক্ষীৰ তদন্তকাৰী গোটৰ প্ৰতিবেদনৰ পাচতহে পোহৰলৈ আহিব সন্তোষ হোজাইৰ হত্যাকাণ্ডত প্ৰকৃততে কোন জড়িত আছিল ৷

লগতে পঢ়ক : মৰাণৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নিসংযোগ

ABOUT THE AUTHOR

...view details