অসম

assam

Dead Body Recovered: নিউ হাফলং ৰে’ল ষ্টেচনৰ সমীপত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

By

Published : Dec 18, 2022, 3:25 PM IST

ডিমা হাছাও জিলাৰ নিউ হাফলং(New Haflong train station) আৰু মিগ্ৰেনদিচা ৰে’ল ষ্টেচনৰ(Migrendisa train station) সমীপত উদ্ধাৰ এগৰাকী ব্যক্তিৰ মৃতদেহ ৷ যোৱা 16 ডিচেম্বৰতে ব্যক্তিগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ কথা দেওবাৰে সদৰী কৰে ৰে’ল আৰক্ষীয়ে ৷ বৰ্তমানেও উদ্ধাৰ হোৱা নাই মৃতদেহটোৰ পৰিচয় ৷

Dead Body Recovered
নিউ হাফলং ৰে’ল ষ্টেচনৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ডিমা হাছাও, 18 ডিচেম্বৰ: ডিমা হাছাও জিলাত এগৰাকী অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ(Dead body recoverd in Dima Hasao district) । ডিমা হাছাও জিলাৰ নিউ হাফলং(New Haflong train station) আৰু মিগ্ৰেনদিচা ৰে’ল ষ্টেচনৰ(Migrendisa train station) সমীপত উদ্ধাৰ ব্যক্তিগৰাকীৰ মৃতদেহ ৷ যোৱা 16ডিচেম্বৰতে ব্যক্তিগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ কথা দেওবাৰে সদৰি কৰে ৰে’ল আৰক্ষীয়ে ৷ এগৰাকী ৰে’ল কৰ্মচাৰীয়ে প্ৰথমে প্ৰত্যক্ষ কৰিছিল মৃতদেহটো ৷ মৃতদেহ উদ্ধাৰ কৰি ৰে’ল আৰক্ষীয়ে প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৷ ইফালে, বৰ্তমানেও উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয়(Body remain unidentified) ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে লোকজনৰ মৃত্যুৰ কাৰণ জানিব পাৰিব বুলি সদৰী কৰিছে ৰে’ল আৰক্ষীয়ে(Railway police) ৷

ABOUT THE AUTHOR

...view details