অসম

assam

50 শতাংশ বিদ্যুৎ মাচুল হ্ৰাস পাব ডিমা হাছাওত

By

Published : Nov 14, 2020, 9:04 AM IST

2012 চনত ডিএইচডি আৰু ডিএইচডি (জে) উগ্ৰপন্থী সংগঠনৰ লগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগত এক MOS স্বাক্ষৰিত হৈছিল ৷ এই MOS মতে ডিমা হাছাও জিলাত 700 কোটি টকা ব্যয় কৰি 75 মেগাৱাট সৌৰ বিদ্যুৎ প্ৰকল্প কাম আৰম্ভ হ’ব আৰু এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ পিচত ডিমা হাছাও জিলাত 50 শতাংশ বিদ্যুতৰ মাচুলৰ ৰেহাই দিয়া হ’ব ৷

electricity bill
solar power project

ডিমা হাছাও, 13 নবেম্বৰ : ডিমা হাছাও জিলাত সৌৰ বিদ্যুৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ পিচত বিদ্যুৎ মাচুল 50 শতাংশ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাই । শুকুৰবাৰে হাফলঙত দলীয় এখন সভাত যোগদান কৰি দেৱলাল গাৰ্লোচাই সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে । তেওঁ কয় যে, 2012 চনত ডিএইচডি আৰু ডিএইচডি (জে) উগ্ৰপন্থী সংগঠনৰ লগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগত এক MOS স্বাক্ষৰিত হৈছিল ৷ এই MOS মতে ডিমা হাছাও জিলাত 700 কোটি টকা ব্যয় কৰি 75 মেগাৱাট সৌৰ বিদ্যুৎ প্ৰকল্প কাম আৰম্ভ হ’ব আৰু এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ পিচত ডিমা হাছাও জিলাত 50 শতাংশ বিদ্যুতৰ মাচুলৰ ৰেহাই দিয়া হ’ব ৷

50 শতাংশ বিদ্যুৎ মাচুল হ্ৰাস পাব ডিমা হাছাওত

মুখ্যকাৰ্যবাহীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত আৰু কয় যে, উমৰাংচু লংকো জল বিদ্যুৎ প্ৰকল্পকলৈ এপিজিচিএলৰ লগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ এখন চুক্তি স্বাক্ষৰিত হয় আৰু এই লংকো জল বিদ্যুৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ পাচত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে 5 শতাংশ ৰাজস্ব পাব আৰু ডিমা হাছাও জিলাৰ 80 শতাংশ নিবনুৱা যুৱক-যুৱতীৰ কৰ্ম সংস্থান দিয়াৰ বাবে চুক্তি হৈছে বুলি দেৱলাল গাৰ্লোচাই সংবাদ মাধ্যমত জানিবলৈ দিয়ে । ইয়াৰ উপৰি তেওঁ কয় যে, ডিমা হাছাও জিলাত বেম্ব’ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক নিৰ্মাণৰ বাবে ইতিমধ্যে 50 কোটি টকা মোকোলাই দিয়ে ড’নাৰ মন্ত্ৰালয়ে ৷

লগতে পঢ়ক :অখিল গগৈৰ মুক্তিৰ দাবীৰে ডুমডুমাত ৰাজহুৱা ‘দোৱা’ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details