অসম

assam

শান্তিপূৰ্ণভাৱে সমাপ্ত হ’ল পৃথক জিলাৰ দাবীত হোৱা ডিমা হাছাও বন্ধ

By

Published : Nov 8, 2021, 3:57 PM IST

12 hour long dima hasao bandh ended peacefully
প্ৰশাসনৰ তৎপৰতাত শান্তিপূৰ্ণভাৱে সমাপ্ত হ’ল পৃথক জিলাৰ দাবীত হোৱা ডিমা হাছাও বন্ধ ()

পৃথক জিলা গঠন আৰু পৃথক স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত ইণ্ডিজিনাচ পিপলছ ফৰামে 12 ঘণ্টাৰ ডিমা হাছাও জিলা বন্ধৰ আহ্বান কৰিছিল ৷ এই বন্ধক লৈ জিলা প্ৰশাসন আৰু আৰক্ষী হাফলং চহৰত পূৰ্বৰে পৰা সষ্টম হৈ থকাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতে শান্তিপূৰ্ণ ভাবে সম্পূৰ্ণ হৈছে ।

ডিমা হাছাও, 8 নভেম্বৰ : ডিমা হাছাও জিলাক দ্বিখণ্ডিত কৰি দুখন পৃথক জিলা গঠন আৰু পৃথক স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত ইণ্ডিজিনাচ পিপলছ ফৰামে আহ্বান কৰা 12 ঘণ্টাৰ বন্ধ কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত শান্তিপূৰ্ণ ভাবে সম্পূৰ্ণ হৈছে । বন্ধক কেন্দ্ৰ কৰি জিলাখনত যাতে কোনো ধৰণৰ হিংসাত্মক ঘটনাৰ সৃষ্টি নহয় তাৰ বাবে সোমবাৰে হাফলং চহৰত সেনাবাহিনীয়ে flag march কৰে ।

মন কৰিব লগীয়া যে, ডিমা হাছাও জিলাত ইণ্ডিজিনাচ পিপলছ ফৰামে বন্ধৰ আহ্বান কৰিলেই জিলা খনত হিংসাত্মক ঘটনা সংগঠিত হয় । কিন্তু এইবাৰৰ বন্ধক লৈ জিলা প্ৰশাসন আৰু আৰক্ষী হাফলং চহৰত পূৰ্বৰে পৰা সষ্টম হৈ আছিল । হাফলং চহৰত আৰক্ষীৰ পৰা আৰম্ভ কৰি চিআৰপি বাহিনী আছিল নিৰাপত্তাৰ দায়িত্বত । যাৰ বাবে বন্ধৰ সময়চোৱাত কোনো ধৰণৰ হিংসাত্মক ঘটনা সংগঠিত হোৱা নাই ।

প্ৰশাসনৰ তৎপৰতাত শান্তিপূৰ্ণভাৱে সমাপ্ত হ’ল পৃথক জিলাৰ দাবীত হোৱা ডিমা হাছাও বন্ধ

উল্লেখযোগ্য যে, 2010 চনৰ 30 মাৰ্চ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম সলনি কৰি ডিমা হাছাও জিলা কৰাৰ পিছৰে পৰা ইণ্ডিজিনাচ পিপলছ ফৰামে ভাৰতীয় সংবিধানৰ 244(2) আৰু 275(1) অনুচ্ছেদ অনুসৰি ডিমা হাছাও জিলাক দ্বিখণ্ডিত কৰি দুখন পৃথক জিলা গঠন আৰু পৃথক স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত আন্দোলন কৰি আহিছে ।

পৃথক জিলা গঠনৰ দাবীত ইণ্ডিজিনাচ পিপলছ ফৰামৰ লগত ৰাজ্য চৰকাৰৰ ইতিমধ্যে বহুবাৰ বৈঠক অনুষ্ঠিত হ’ল ৷ অৱশ্যে আজিলৈকে সংগঠনটোৰ দাবী পূৰণ হোৱা নাই বুলি অভিযোগ কৰিছে সংগঠনটোৰ নেতা সকলে । সোমবাৰে ৰাতিপুৱা 5 টা বজাত এই বন্ধ কাৰ্যসূচী আৰম্ভ হয় ৷ বন্ধৰ সময়চোৱাত হাফলং চহৰত বজাৰ দোকান পোহৰ আৰু বেচৰকাৰী প্ৰতিষ্ঠান সমূহ বন্ধ আছিল যদিও কিছুমান চৰকাৰী কাৰ্যালয় খোলা আছিল । এই ক্ষেত্ৰত পূৰ্বৰে পৰা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে পৰিষদৰ অধীনত থকা সকলো কাৰ্যালয় খোলা ৰখাৰ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক :অৰুণাচলৰ পাচিঘাটৰ চিয়াং নৈৰ কাষত পৰ্যটন প্ৰকল্প উদ্বোধন

ABOUT THE AUTHOR

...view details