অসম

assam

Scam in PMAY scheme: PMAY আঁচনিত ভেণ্ডৰৰ দুৰ্নীতি

By

Published : Aug 18, 2023, 6:17 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত তীব্ৰ গতিত চলি আছে PMAY আঁচনিৰ গৃহ নিৰ্মাণ কাৰ্য । পিছে দুলীয়াজানত PMAY আঁচনিৰ নামত চলিছে অবাধ দুৰ্নীতি । নিৰ্মাণ কাৰ্য আধাতে পেলাই থৈ অন্তৰ্ধান PMAY আঁচনিৰ ভেণ্ডৰৰ ।

Vendor corruption in PMAY scheme in Duliajan
PMAY আঁচনিত ভেণ্ডৰৰ দুৰ্নীতি

PMAY আঁচনিত ভেণ্ডৰৰ দুৰ্নীতি

দুলীয়াজান,১৮ আগষ্ট:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছিল দৰিদ্ৰ ৰাইজৰ বাবে আগবঢ়োৱা প্ৰধানমন্ত্ৰী আবাস গৃহ নিৰ্মাণত কোনোধৰণৰ অনিয়ম সংঘটিত হ'ব নোৱাৰিব । ইয়াৰ পাচতে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে ৰাজ্যত প্ৰধানমন্ত্ৰী আবাস গৃহ নিৰ্মাণৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছে ।

কেইটামান দিনৰ পূৰ্বে একেলগে কেইবাহাজাৰ গৃহ একেলগে মুকলি কৰিছিল পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ উদ্যোগত মুখ্যমন্ত্ৰীগৰাকীয়ে । কিন্তু ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী আবাস গৃহ নিৰ্মাণত সংঘটিত হৈছে বহু দুৰ্নীতি আৰু অনিয়ম । এইবাৰ পোহৰলৈ আহিছে দুলীয়াজান সমষ্টিৰ ন'কাৰি ভেকুলাজান গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস গৃহ নিৰ্মাণত সংঘটিত হোৱা অনিয়ম ।

ৰাইজৰ অভিযোগ যে, চৰকাৰী গৃহ নিৰ্মাণৰ নামত ভেণ্ডৰ জয়ন্ত সোণোৱালে চলাই গৈছে ব্যাপক দুৰ্নীতি । কাণসাৰ নাই পঞ্চায়ত সভানেত্ৰী গীতাঞ্জলি বৰা শইকীয়াৰ লগতে ৱাৰ্ড সদস্য প্ৰণতি ফুকনৰ । উল্লেখ্য যে, টেঙাখাত উন্নয়ন খণ্ডৰ অন্তৰ্গত ন'কাৰি ভেকুলাজান গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

১নং ৱাৰ্ডৰ নিবাসী ৰুক্মিণী প্ৰজা আৰু চুকদেউ প্ৰজাই আনিছে এই গুৰুত্বৰ অভিযোগ । যিহেতু বিভিন্ন সময়ত বহু হিতাধিকাৰীয়ে ঘৰ বনাবলৈ অহা ধন ঘৰ বনোৱাৰ বিপৰীতে অন্যান্য কামত খৰচ কৰি পেলাই যাৰ বাবে কিছু কিছু ঠাইত ভেণ্ডৰৰ ব্যৱস্থা কৰি দিয়া হৈছিল যাতে চৰকাৰী নিয়ম অনুসৰি ৯০ দিনৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পন্ন হয় ।

তাৰ সুবাদতেই জয়ন্ত সোণোৱালে বহু ঠাইত ৬ মাহ, ১ বছৰলৈকে অৰ্ধ নিৰ্মিত কৰি পেলাই থৈছে বহু PMAY ঘৰ । লগতে চৰকাৰী নিয়ম ভৰিৰে মোহাৰি নীতিবৰ্হিভূতভাৱে ওপৰৰ কেঞ্চি পাৰ্লিং সমূহত লোহা নিদি নিম্নমানৰ কাঠ লগোৱাৰো উঠিছে এক গুৰুতৰ অভিযোগ । এতিয়া নিজকে দুলীয়াজান সমষ্টিৰ বিধায়ক টেৰছ গোৱালাৰ অতি ঘনিষ্ঠ বুলি জাহিৰ কৰি ফুৰা স্বয়ম্ভু এই জয়ন্ত সোণোৱালক নাকী লগাব কোনে ?

পাৰিবনে নিৰক্ষৰ লোকৰ গৃহ নিৰ্মাণৰ বাবে অহা চৰকাৰী ধনৰাশি হৰলুকি কৰা এই জয়ন্ত সোণোৱালৰ ওপৰত টেঙাখাত উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াই ব‍্যৱস্থা ল'বলৈ ? ই এটা ডাঙৰ প্ৰশ্ন । সেই অঞ্চলটোৰ ভেণ্ডৰ জয়ন্ত সোণোৱালে শতাধিক গৃহ নিৰ্মাণৰ বাবে লৈ বেছি সংখ্যক ঘৰেই এটা বছৰতকৈ অধিক সময় অৰ্ধ নিৰ্মাণ কৰি পেলাই থৈছে। যি বনাইছে তাৰ কামৰ মানদণ্ডও একেবাৰে নিম্ন ।

লগতে পঢ়ক:Modernisation of Police Force: আৰক্ষীৰ আধুনিকীকৰণৰ নামত অসমক বঞ্চনা কেন্দ্ৰৰ

ABOUT THE AUTHOR

...view details