অসম

assam

3 murder case in Dibrugarh: তিনিটাকৈ হত্যাকাণ্ডই জোকাৰিছে ডিব্ৰুগড়, আৰক্ষী অধীক্ষকৰ সংবাদমেল

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 4:02 PM IST

ইটোৰ পিচত সিটো হত্যাকাণ্ডই জোকাৰিছে ডিব্ৰুগড় ৷ তিনিটাকৈ ঘটনাৰ সন্দৰ্ভত সোমবাৰে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই এক সংবাদমেল অনুষ্ঠিত কৰে ৷ মেহেক শৰ্মাৰ মৰণোত্তৰ প্ৰতিবেদন অহাৰ পিচতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ তথ্য ৷

তিনিটাকৈ হত্যাকাণ্ডই জোকাৰিছে ডিব্ৰুগড়, আৰক্ষী অধীক্ষকৰ সংবাদমেল
তিনিটাকৈ হত্যাকাণ্ডই জোকাৰিছে ডিব্ৰুগড়, আৰক্ষী অধীক্ষকৰ সংবাদমেল

তিনিটাকৈ হত্যাকাণ্ডই জোকাৰিছে ডিব্ৰুগড়, আৰক্ষী অধীক্ষকৰ সংবাদমেল

মৰাণ, 11 ছেপ্টেম্বৰ :যোৱা10 ছেপ্টেম্বৰ, দেওবাৰৰ দিনটো ডিব্ৰুগড়বাসীৰ বাবে এটা অভিশপ্ত দিনস্বৰূপে দেখা দিছিল । দেওবাৰৰ দিনটোত তিনিটাকৈ হত্যাৰ ঘটনা সংঘটিত হৈছিল ডিব্ৰুগড়ত । প্ৰথমে লাহোৱালৰ চেঙেলীজান চাহ বাগিচাত স্বামীয়ে লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল নিজ পত্নীক ৷ দ্বিতীয়টো ঘটনাত মোহনবাৰীত নিৰ্মমভাৱে খুলশালীয়েকে হত্যা কৰিছিল নিজ বায়েক আৰু ভিনিয়েকক। ইয়াৰ মাজতে বকুল বাইপাছত যুৱতীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ হৈছিল। প্ৰথম অৱস্থাত পথ দুৰ্ঘটনা বুলি ভবা হৈছিল যদিও পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি ৰাজপথত উদ্ধাৰ হোৱা যুৱতীগৰাকীক হত্যা কৰা হৈছিল বুলি জানিবলৈ দিছিল ৷

এই তিনিটাকৈ ঘটনাৰ সন্দৰ্ভত সোমবাৰে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে, ডিব্ৰুগড়ৰ খলিহামাৰিৰ মৌচুমী শৰ্মা ওৰফে মেহেকৰ মৃতদেহৰ কাষতেই পৰি আছিল ডিব্ৰুগড়ৰ মাইজানৰ আজিজ আহমেদ নামৰ যুৱকজন। যুৱতীগৰাকীৰ মৃতদেহৰ কাষতে পৰিকল্পিতভাৱে পৰি থকা বিবাহিত যুৱক আজিজ আহমেদে হত্যাকাণ্ড সংঘটিত কৰি দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল ৷ এই ঘটনাৰ লগত আৰু কোন জড়িত আছে বা কিয় এই ঘটনা সংঘটিত কৰি দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল সেই কথা তদন্তৰ পিছতহে পোহৰলৈ আহিব বুলি মিশ্ৰই কয় ৷

সোমবাৰ অৰ্থাৎ আজি আজিজ আহমেদক আদলতত হাজিৰ কৰাই তদন্তৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব বুলি সদৰী কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । মেহেকৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষী আৰু স্থানীয় ৰাইজে এই ঘটনা পথ দুৰ্ঘটনা নহয় বুলি দাবী কৰাৰ লগতে যুৱতীগৰাকীৰ মাতৃয়ে এইয়া হত্যাকাণ্ড বুলি আৰক্ষীৰ কাষ চাপিছিল। যুৱতীগৰাকীৰ মাতৃয়ে জানিবলৈ দিছিল যে, দাবী-ধমকি তথা ভয়-ভাবুকি দি মেহেকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়াৰ চেষ্টা কৰিছিল হত্যাকাৰী আজিজে। ইয়াৰ পৰিণতিত এই হত্যাকাণ্ড সংঘটিত কৰা বুলি যুৱতীগৰাকীৰ মাতৃয়ে দাবী কৰিছিল। ডিব্ৰুগড় আৰক্ষী এই ঘটনা হত্যাকাণ্ড বুলি নিশ্চিত হ'লেও কিয় হত্যাকাণ্ড সংঘটিত কৰিলে আৰক্ষীৰ তদন্তৰ পাচতেই পোহৰলৈ আহিব।

লগতে পঢ়ক:Dibrugarh Road accident : ডিব্ৰুগড়ৰ বকপৰা বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাত যুৱতীৰ মৃত্যু

ABOUT THE AUTHOR

...view details