অসম

assam

ভাৰতবৰ্ষক ভালপোৱা সকলোকে জাতীয় পতাকা উৰুৱাবলৈ আহ্বান মন্ত্ৰী তেলীৰ

By

Published : Aug 13, 2022, 8:15 AM IST

Updated : Aug 13, 2022, 3:51 PM IST

মৰাণত ঘৰে ঘৰে ত্ৰিৰংগ পতাকা(Har Ghar Tiranga) অনুষ্ঠানত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতবৰ্ষক ভালপোৱা প্ৰতিগৰাকী লোককে ১৫ আগষ্টত ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ জনালে আহ্বান(Rameswar Teli urges to hoist national flag) ।

rameswar teli talking about 75th independence day
ভাৰতবৰ্ষক ভালপোৱা সকলোকে জাতীয় পতাকা উৰুৱাবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

মৰাণ,১৩ আগষ্ট:ভাৰতবৰ্ষক ভালপোৱা সকলো লোককে ১৫ আগষ্টত জাতীয় পতাকা উৰুৱাবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ(Rameswar Teli urges to hoist national flag) । শুকুৰবাৰে মৰাণত সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতবৰ্ষত পাকিস্তানৰ গুণ গোৱা মানুহো আছে । আলফা স্বাধীনৰ নাম উল্লেখ নকৰাকৈ মন্ত্ৰীজনে কয় যে এনে কোনো বিদ্ৰোহী সংগঠনো আছে যিয়ে ১৫ আগষ্ট বা ২৬ জানুৱাৰী পালন কৰিব নালাগে বুলি আহ্বান জনায় । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ মুহুৰ্তত বিভিন্ন কাৰ্যসূচী হাতত লৈছে ।

উল্লেখযোগ্য যে স্বাধীনতাৰ অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav) উপলক্ষে শুকুৰবাৰে মৰাণৰ তিলৈ নগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত মৰাণ সমষ্টিৰ ৭৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আৰু চেক বিতৰণৰ এক অনুষ্ঠান অনুষ্ঠিত হয় । ইয়াৰে শিক্ষা আৰু সামাজিক ক্ষেত্ৰলৈ সেৱা আগবঢ়োৱা ২৫ গৰাকী ব্যক্তিক সম্বৰ্ধনা আৰু ৫০ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁ‌জিৰ চেক বিতৰণ কৰা হয় ।

ভাৰতবৰ্ষক ভালপোৱা সকলোকে জাতীয় পতাকা উৰুৱাবলৈ আহ্বান মন্ত্ৰী তেলীৰ

অনুষ্ঠানটোত মন্ত্ৰী তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিধায়ক চক্ৰধৰ গগৈসহ বহু কেইগৰাকী দলীয় নেতা কৰ্মী উপস্থিত থাকি বক্তব্য আগবঢ়ায় । অনুষ্ঠানটোত পৱিত্ৰ ৰাখী বন্ধন উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৰ্মীসকলে ৰাখীও পিন্ধায় ।

লগতে পঢ়ক:Amir Khan will be in Assam: অসমলৈ আহিব বলীউডৰ তাৰকা আমিৰ খান

Last Updated :Aug 13, 2022, 3:51 PM IST

ABOUT THE AUTHOR

...view details