অসম

assam

ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ ৰাইজৰ কাষত মন্ত্ৰী বিমল বৰা

By

Published : Jun 21, 2021, 8:05 PM IST

ক’ভিড সম্পৰ্কে জনস্বাস্থ্যৰ বুজ ল'বলৈ ৰাইজৰ কাষ চাপিল মন্ত্ৰী বিমল বৰা । ক'ভিড-19 ত সংক্ৰমণৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পোৱাত ডিব্ৰুগড়ৰ ন-খাট গাঁও পঞ্চায়ত এলেকাত কণ্টেইনমেণ্ট জ'ন (containment zone) হিচাপে ঘোষিত হৈছিল ।

public-health-situation-of-covid-19
ক’ভিড পৰিস্থিতিৰ বুজ লবলৈ ৰাইজৰ কাষত মন্ত্ৰী বিমল বৰা

ডিব্ৰুগড়,21 জুন :সমগ্ৰ দেশ তথা ৰাজ্যত অব্যাহত আছে কৰ'ণা মহামাৰীৰ আতংক ৷ ইফালে covid-19 প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যতে বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চৰকাৰে ঘোষণা কৰিছে আংশিক লক ডাউন ৷ ইফালে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰতিগৰাকী লোকক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে আৰম্ভ হৈছে ঘৰ ঘৰে ভেকচিন তথা স্ব্যস্থ্য পৰীক্ষা অভিযান ৷ সোমবাৰে ক’ভিড সম্পৰ্কে জনস্বাস্থ্যৰ বুজ ল'বলৈ ৰাইজৰ কাষ চাপিলে মন্ত্ৰী বিমল বৰা ।

ক’ভিড পৰিস্থিতিৰ বুজ লবলৈ ৰাইজৰ কাষত মন্ত্ৰী বিমল বৰা

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই শেহতীয়াকৈ প্ৰদান কৰা নিৰ্দেশমৰ্মে বিভিন্ন জিলাৰ লগতে শিৱসাগৰ জিলাতো প্ৰশাসনৰ উদ্যোগত 21 জুনৰ পৰা 18 বছৰ উৰ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড-19 প্ৰতিষেধক (Covid-19 vaccine) প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ উল্লেখ্য যে, জিলাখনত কৰ’ণা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত অভিযান পূৰ্বতকৈও অধিক ব্যাপক আৰু তীব্রতৰ কৰি তুলিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগে ।

ক’ভিড পৰিস্থিতিৰ বুজ লবলৈ ৰাইজৰ কাষত মন্ত্ৰী বিমল বৰা

মুখ্যমন্ত্ৰীৰ আহ্বানমৰ্মে জিলাখনৰ ক'ভিড প্ৰতিষেধক (Covid-19 vaccine) প্ৰদান কাৰ্যসূচীক এক ব্যাপক জন আন্দোলন ৰূপে গঢ়ি তোলা হ'ব বুলি প্ৰকাশ কৰে ।

ক’ভিড পৰিস্থিতিৰ বুজ লবলৈ ৰাইজৰ কাষত মন্ত্ৰী বিমল বৰা

এই অভিযানত প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত সম্পূৰ্ণ ক'ভিড-১৯ প্ৰট'কল মানি চলি 18 বয়সৰ উৰ্ধৰ ব্যক্তিসকলক প্ৰতিষেধক প্ৰদান কৰা হ'ব । তেওঁ উল্লেখ কৰে যে, এই অভিযানৰ প্ৰথম দিনা জিলাখনৰ মুঠ 40 টা কেন্দ্ৰত মুঠ 8,000 পালি ক'ভিশ্বিল্ড (Covisheiled) প্ৰতিষেধক প্ৰদান কৰা হ'ব । ক'ভিড-১৯ ত সংক্ৰমিতৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পোৱাত ডিব্ৰুগড়ৰ ন-খাট গাঁও পঞ্চায়ত এলেকাটো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষিত হৈছিল ।

ক’ভিড পৰিস্থিতিৰ বুজ লবলৈ ৰাইজৰ কাষত মন্ত্ৰী বিমল বৰা

পৰিস্থিতি উন্নত হোৱাৰ পিছত সোমবাৰে উক্ত এলেকাত উপস্থিত হৈ সামগ্ৰিক পৰিস্থিতিৰ বুজ লৈ ৰাইজৰ মাজত মাস্ক, চেনিটাইজাৰ বিতৰণ কৰি সামাজিক দূৰত্ব পালন কৰিবলৈ আহ্বান জনাই মন্ত্ৰী বিমল বৰাই । ইয়াৰ পিছতে নিকটৱৰ্তী লেঙেৰী আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসকসকলৰে মত বিনিময়ৰ অন্তত ক'ভিড-১৯ ত আক্ৰান্তসকলৰ মাজত ফল-মূল বিতৰণ কৰে । লগতে লেঙৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত চলি থকা টীকাকৰণ অভিযানৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:শীঘ্ৰে ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হ'ব দেশত ! ভাৰতবাসী সাজু নে ?

ABOUT THE AUTHOR

...view details