অসম

assam

Threatening by Khalistani supporter: অমৃতপালৰ গ্ৰেপ্তাৰৰ পাচত পুনৰ ভাবুকিপূৰ্ণ অডিঅ’ প্ৰেৰণ খালিস্তানী সমৰ্থক সংগঠনৰ

By

Published : Apr 25, 2023, 10:22 PM IST

ডিব্ৰুগড় কাৰাগাৰত খালিস্তানী নেতাত কাৰাৰুদ্ধ কৰি ৰখাৰ পিচতেই সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে এই বিশেষ কাৰাগাৰখন ৷ ইয়াৰ পিচতে ডিব্ৰুগড় জেইলত খালিস্তানী সমৰ্থকৰ সংগঠনে 'খালিস্তান ডেকৰেচন ডে’ উদযাপন কৰি জিন্দাবাদ ধ্বনি দিয়াৰ ভাবুকি দি এক অডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছে (Threatened audio to Dibrugarh jail)

Khalistani outfits sent threatened audio to Dibrugarh jail
ডিব্ৰুগড় কাৰাগাৰলৈ ভাবুকিপূৰ্ণ অ’ডিঅ’ খালিস্তানী সমৰ্থক সংগঠনৰ

ডিব্ৰুগড় কাৰাগাৰলৈ ভাবুকিপূৰ্ণ অ’ডিঅ’ খালিস্তানী সমৰ্থক সংগঠনৰ

গুৱাহাটী. ২৫ এপ্ৰিল : দেশৰ শীৰ্ষ চোৰাংচোৱা সংস্থাৰ লগতে দেশৰ সচেতন ৰাইজৰ এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ৷ ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিং সহ আন 9 খালিস্তানী নেতাই দিন পাৰ কৰিছে কেন্দ্ৰীয় কাৰাগাৰত (Khalistani leaders in Dibrugarh Jail) ৷ এমাহ ধৰি পঞ্জাৱ আৰক্ষীক প্ৰত্যাহ্বান জনাই আত্মগোপন কৰি আছিল অমৃতপাল সিঙে । বিভিন্ন সময়ত বেশভূষা সলনি কৰি পলাই ফুৰিছিল অমৃতপাল সিং (Amritpal Singh arrested by Punjab Police) ৷

23 ফেব্ৰুৱাৰীত সংঘটিত অজনালা কাণ্ডৰ পিচৰে পৰা পলাতক অৱস্থাত আছিল অমৃতপাল সিং। অমৃতপাল সিঙৰ বিৰুদ্ধে NSA ৰ অধীনত ৰুজু কৰা হৈছে গোচৰ ৷ পঞ্জাৱৰ ঘটনাৰ পাচতেই অমৃতপাল সিঙৰ 9 সহযোগীক লৈ অনা হৈছিল কেন্দ্ৰীয় কাৰাগাৰলৈ (10 khalistani leaders in Dibrugarh jail)৷

ইয়াৰ পাচতেই অমৃতপাল সিঙক পঞ্জাৱৰ মোগা জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অহা হয় (Arimtpal singh sent to Dibrugarh Jail) ৷ পঞ্জাৱ আৰক্ষীৰ এটা বৃহৎ দলে বিশেষ বিমানেৰে অমৃতপাল সিঙক ডিব্ৰুগড়লৈ লৈ অহাৰ পাছতেই ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে অমৃতপাল সহ আন 9 খালিস্তানী নেতাক ৷

ইয়াৰ মাজতেই মঙলবাৰে অসমৰ ডিব্ৰুগড় জেইলত খালিস্তানীয়ে 'খালিস্তান ডিকোৰেচন ডে’ উদযাপন কৰি জিন্দাবাদ ধ্বনি দিয়াৰ ভাবুকি দি এক অডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছে এক খালিস্তানী সমৰ্থকৰ সংগঠনে (Threatened audio to Dibrugarh jail )৷ এই অডিঅ’ৰ পাচতেই এতিয়া ডিব্ৰুগড় জেইলত নিৰাপত্তা ব্যৱস্থা অধিক বৃদ্ধি কৰা হৈছে ৷ ডিব্ৰুগড়ৰ কাৰাগাৰতেই ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙকে ধৰি 10 খালিস্তানী নেতাক গ্ৰেপ্তাৰ কৰি ৰখা হৈছে (Khalistani outfits sent threatened audio)।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক খালিস্তানী সমৰ্থকৰ বিৰুদ্ধে কৰা ভূমিকাৰ বাবে আমেৰিকাত বাহৰ পাতি থকা খালিস্তানী সমৰ্থক গোট Sikhs For Justiceৰ প্ৰতিষ্ঠাপক গুৰপটৱন্ত সিং পান্নুৱে তীব্ৰ সমালোচনা কৰিছে এই অডিঅ’ বাৰ্তাটোত।

ছিখছ ফৰ জাষ্টিছৰ নেতা পান্নুৱে পঠিওৱা শেহতীয়া অডিঅ’ ক্লিপত খালিস্তানীৰ প্ৰচাৰক তথা ‘ৱাৰিছ পঞ্জাব দে’ৰ মুৰব্বী অমৃতপল সিঙক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰিছে ৷ লগতে অহা ২৯ এপ্ৰিলক খালিস্তান ঘোষণা দিৱস হিচাপে স্মৰণ কৰিবলৈ শিখসকলৰ প্ৰতি আহ্বান জনাইছে ।

অডিঅ’টোত কোৱা হৈছে যে অমিত পাল সিং বন্দী হৈ থকা ডিব্ৰুগড় কাৰাগাৰত বন্দী শিখসকলে ২৯ এপ্ৰিলত খালিস্তান ঘোষণা দিৱস হিচাপে স্মৰণ কৰিব । কাৰগাৰতে খালিস্তান ধ্বনি দিয়াৰ ভাবুকি দিয়া হৈছে পান্নু নামৰ লোকজনৰ বুলি প্ৰচাৰিত অডিঅ’টোত ৷ অডিঅ’টোত লগতে কোৱা হৈছে যে শিখসকলে কেতিয়াও শত্ৰুক পাহৰি নাযায় বা ক্ষমা নকৰে ৷ ‘‘এই মুহূৰ্তত গুলীৰে নহয়, বেলটৰ সহায়ত আমি পঞ্জাৱক মুক্ত কৰি ভাৰতীয় ব্যৱস্থাক নিৰ্মূল কৰিম” বুলি পান্নুৱে কয় ৷

লগতে পঢ়ক:Amritpal Singh in Dibrugarh jail: ডিব্ৰুগড় কাৰাগাৰত ৰাজ আতিথ্যত সময় কটাইছে খালিস্তানী নেতাই

খালিস্তানী সমৰ্থক সংগঠনটোৰ ভাবুকিৰ পাচতে অধিক সষ্টম হৈ পৰিছে ডিব্ৰুগড় আৰক্ষী-প্ৰশাসন৷ কাৰাগাৰতে অমৃতপাল সিঙক IBৰ বিশেষ দলৰ জেৰা (Punjab police in Dibrugarh Jail) ৷ মঙলবাৰে পুৱাৰে পৰা খালিস্তানী নেতাজনক IBৰ ৫ জনীয়া দলৰ জেৰা কৰাৰ তথ্য লাভ কৰা হৈছে ৷ কাৰাগাৰৰ সন্মুখৰ পৰা গাড়ী পাৰ্কিং আঁতৰাই দিয়াৰ লগতে ব্যক্তি সমাগম হ'বলৈ দিয়া নাই আৰক্ষীয়ে ৷ ইফালে পঞ্জাৱ আৰক্ষীৰ ১৬ জনীয়া আৰক্ষীৰ দলে ডিব্ৰুগড়ত বাহৰ পাতি জেৰা চলাইছে অমৃতপাল সিং সহ আন ৯ খালিস্তানীক ৷

ABOUT THE AUTHOR

...view details