অসম

assam

দিল্লীঘাটত চলিছে অবৈধ কয়লাৰ খনন

By

Published : Feb 15, 2021, 12:29 PM IST

অবৈধ কয়লাখননে চৰাইদেউৰ দিল্লীঘাট দলঙলৈ কঢ়িয়াই আনিছে অশনি সংকেত । চকুমুদা কুলিৰ ভাওত এতিয়া স্থানীয় প্ৰশাসন ।

দিল্লীঘাটত চলিছে অবৈধ কয়লাৰ খনন
দিল্লীঘাটত চলিছে অবৈধ কয়লাৰ খনন

মৰাণ,১৫ ফেব্ৰুৱাৰী : চৰাইদেউ আৰু ডিব্ৰুগড় জিলা দুখনৰ একমাত্ৰ সংযোগস্থলী দিল্লীঘাট দলঙৰ তলত একা‌ংশ দুস্কৃতিকাৰীয়ে চলাইছে অবৈধ কয়লা খনন । এই অবৈধ কয়লা খননৰ সৈতে দুস্কৃতিকাৰীৰ লগতে একাংশ বন বিভাগ, আৰক্ষী-প্ৰশাসন জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে । ইফালে সোণোৱাল চৰকাৰে ক্ষমতা দখল কৰাৰ পাচতেই অসমৰ পৰা ছিণ্ডিকেট নিৰ্মূল কৰা হ'ব বুলি কৰা ঘোষণাও অসাৰ প্ৰতিপন্ন হৈছে । লগতে অভিযোগত উত্থাপন হৈছে যে, শূন্য সহনশীল, দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্লোগান দিয়া মুখ্যমন্ত্ৰী সোণোৱাল ব্যৰ্থ হৈছে এই ছিণ্ডিকেটৰাজ বন্ধ কৰাত । এই অবৈধ কয়লা খননৰ ক্ষেত্ৰত চৰাইদেউ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনে পদক্ষেপ গ্ৰহণৰ পৰা বিৰত বুলিও অভিযোগ উত্থাপিত হৈছে ।

ডিব্ৰুগড়ৰ দিশৰ দিচাং নৈৰ পাৰত একাংশ দুস্কৃতিকাৰীয়ে নিশা হ'লেই কয়লাৰ খনন চলায় । তাৰ পাচতো কাণসাৰ নাই জিলাখনৰ বন বিভাগ আৰু প্ৰশাসনৰ । ফলত দলংখনলৈ নামি আহিছে অশনি সংকেত । নামৰূপ খণ্ড বন বিভাগৰ বন বিষয়া আৰু দিল্লীঘাটৰ সমীপত থকা নামৰূপ উপ খণ্ডৰ বিষয়াগৰাকীৰ সেউজ সংকেতত মুক্ত মনে এই কয়লা খননৰ লগতে দিচাং নৈত শিল খনন অব্যাহত থকা বুলি জানিব পৰা গৈছে ।

চৰাইদেউৰ দিল্লীঘাটত চলিছে অবৈধ কয়লা খনন

ইফালে দিনে-নিশাই দিল্লীঘাট দলঙৰ ওপৰত তহল দি তথাকথিত চেকগেট স্থাপন কৰা নামৰূপ আৰক্ষীৰ চকুৰ সন্মুখতে কয়লা খনন চলাই দলঙখনলৈ ভাবুকি অনাৰ পাছতো ৰহস্যজনকভাৱে মৌন হৈ ৰৈছে আৰক্ষী । এফালে চৰকাৰৰ পুঁজিৰে খহিবলৈ ধৰা দলঙখনৰ খুঁটা মেৰামতি কৰি থকা হৈছে । আনফালে প্ৰশাসন যন্ত্ৰৰ চকুৰ সন্মুখতে অহৰহ চলিছে বনজ সম্পদৰ ধ্বংসযজ্ঞ ৷ এই বিষয়ত চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে টাই আহোম যুৱ পৰিষদে ৷

লগতে পঢ়ক: নগাঁৱত মুখ্যমন্ত্ৰীৰ কেইবাটাও আঁচনি মুকলি

ABOUT THE AUTHOR

...view details