অসম

assam

Heramba Nath Bara Talent Award:১৭৯ গৰাকী ছাত্র-ছাত্ৰীক হেৰম্ব নাথ বড়া প্ৰতিভা বঁটা প্ৰদান

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 2:59 PM IST

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্য়োগত হেৰম্ব নাথ বড়া উচ্চ শিক্ষা প্ৰতিভা বঁটা প্ৰদান অনুষ্ঠান । ১৮৯ গৰাকী মেধাৱী শিক্ষাৰ্থীক প্ৰদান কৰা হয় এই বঁটা ।

Sonowal Kachari Autonomous Council
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ

মৰাণ, ১৩ ছেপ্টেম্বৰঃ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকসকলক সৱলীকৰণৰ ক্ষেত্ৰত বিভিন্ন সময়ত ভিন্ন আঁচনিৰ যোগেদি সৱলীকৰণৰ বাবে পথ দেখুৱাইছে । ইয়াৰ সমান্তৰালভাৱে সোণোৱাল কছাৰী জনগোষ্ঠীৰ ছাত্ৰ- ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে। ইয়াৰ মাজতে ডিব্ৰুগড় জিলা পুথিভঁৰালত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত মঙলবাৰে অনুষ্ঠিত হয় হেৰম্ব নাথ বড়া উচ্চ শিক্ষা প্ৰতিভা বঁটা প্ৰদান অনুষ্ঠান । এই অনুষ্ঠানটোত কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:Obscene messages to Student: অংক নিশা ছাত্ৰীলৈ অশ্লীল মেছেজ দিয়াৰ অভিযোগ ছাৰৰ বিৰুদ্ধে

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে ২০২২ বৰ্ষত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ১৭৯ গৰাকী ছাত্র-ছাত্ৰীক বঁটা প্ৰদান কৰে । ইয়াৰে ১০ গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্র, ৪৮ গৰাকী আই আই টি, ৩ গৰাকী আই আই এম শিক্ষাৰ্থীসহ ১৭৯ৃগৰাকীক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়‌ । উল্লেখযোগ্য যে প্ৰতি বছৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে পৰিষদৰ অন্তৰ্গত মেধাৱী ছাত্ৰ-ছাত্ৰীক এই বঁটা প্ৰদান কৰি আহিছে ।

লগতে পঢ়ক:Sarbanada Sonowal in Russia: ৫ দিনীয়া ৰাছিয়া ভ্ৰমণলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল; ৰাছিয়াক পূৱ সামুদ্ৰিক কৰিড’ৰ ইণ্ডো ৰাছিয়ান কৰ্মশালালৈ আমন্ত্ৰণ

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ সৌজন্যত অনুষ্ঠিত এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱাল, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ বিনোদ বড়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই অনুষ্ঠানটোত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বক্তাসকলে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে গ্ৰহণ কৰা এনে ধৰণৰ অনুষ্ঠানৰ জৰিয়তে সকলোৱে উপকৃত হ'ব বুলি কয় ।

লগতে পঢ়ক:BKWAC meets CM: মুখ্যমন্ত্ৰীৰে BKWAC-UBPOৰ আলোচনা; তিনি মাহৰ ভিতৰত BKWACৰ গাওঁ চিনাক্তকৰণৰ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details