অসম

assam

Amritpal Singh updates: নিশাও খালিস্তানী নেতাক সাক্ষাৎ কৰিলে পৰিয়ালে

By

Published : Apr 28, 2023, 2:05 PM IST

নিশা পৰ্যন্ত ডিব্ৰুগড় কাৰাগাৰত বন্দী ১০ খালিস্তানী নেতাক সাক্ষাৎ কৰিলে পৰিয়ালে (Team of Khalistani Family Member in Dibrugarh) । কাৰাগাৰৰ ব্যৱস্থাত সন্তুষ্টি প্ৰকাশ খালিস্তানী নেতাৰ পৰিয়ালৰ । পত্ৰযোগে বিশেষ সমিতি গঠন কৰিবলৈ অধিবক্তাক পত্ৰ দিলে অমৃতপাল সিঙে ।

Advocate met Khalistan supporters inside Jail
নিশাও খালিস্তানী নেতাক সাক্ষাৎ কৰিলে পৰিয়ালে

নিশাও খালিস্তানী নেতাক সাক্ষাৎ কৰিলে পৰিয়ালে

ডিব্ৰুগড়,২৮ এপ্ৰিল: ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ’ৱাৰিছ পঞ্জাৱ ডে’ৰ মুৰব্বী অমৃতপাল সিঙসহ আন ৯ সহযোগীক বৃহস্পতিবাৰে সাক্ষাৎ কৰিলে পৰিয়ালৰ লোকে । শিৰোমণি গুৰুদ্ৱাৰ প্ৰৱন্ধক সমিতি, অধিবক্তা আৰু খালিস্তানী নেতাৰ আত্মীয়ৰ ১০ জনীয় দলটো ডিব্ৰুগড়ৰ কাৰাগাৰৰ প্ৰবেশদ্বাৰৰ সন্মুখত উপস্থিত হোৱাৰ পাচতেই কাৰাগাৰত এজন এজনকৈ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ অনুমতি দিছিল আৰক্ষীয়ে (Team of Khalistani Family Member in Dibrugarh) ।

ডিব্ৰুগড় কাৰাগাৰত তন্নতন্ন কৈ পৰীক্ষা কৰা হয় খালিস্তানী নেতাৰ পৰিয়ালৰ সদস্যসকলক । নিশা পৰ্যন্ত ডিব্ৰুগড় কাৰাগাৰত বন্দী ১০ খালিস্তানী নেতাক সাক্ষাৎ কৰিলে পৰিয়ালে । ইফালে কাৰাগাৰত প্ৰৱেশ কৰিবলৈ অনুমতি পোৱা পৰিয়ালৰ লোকৰ দলটোৱে শিখ ধৰ্ম গ্ৰন্থ গুৰু গ্ৰন্থ চাহিবসহ ভালেকেইখন ধৰ্মীয় পুথি, খাদ্য, কাপোৰ ইত্যাদিৰ লগতে কেইবাটাও বেগৰ যোগান ধৰে কৰাবন্দী বিদ্ৰোহীসকলক (Family meets Khalistani leader at night too in Dibrugarh) ।

কাৰাগাৰৰ ভিতৰত কাৰাবন্দী খালিস্তানী নেতাসকলক পৰিয়ালৰ লোকে লগ পোৱাৰ পাচতে কাৰাগাৰৰ পৰা ওলাই আহি কাৰাগাৰ ব্যৱস্থাক লৈ সন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হয় । অমৃতপাল সিঙসহ খালিস্তানীসকলক যাতে ডিব্ৰুগড় কাৰাগাৰৰ পৰিৱৰ্তে পঞ্জাৱ জে’লত ৰখাৰ ব্যৱস্থা কৰে তাৰ বাবে আইনী যুঁজ দিয়াৰ কথা অৱগত কৰে অধিবক্তা আৰু পৰিয়ালে (Advocate met Khalistan supporters inside Jail) ।

আনহাতে কাৰাগাৰৰ ভিতৰৰ পৰা অমৃতপাল সিঙে নিজ হাতে লিখি অধিবক্তা হাতৰ দিলে বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ । য'ত উল্লেখ কৰা হ'ল অধিবক্তাৰ জৰিয়তে এখন বিশেষ সমিতি গঠন কৰাৰ কথা (Amritpals Singh letter to advocate from jail) । যাৰ দায়িত্ব আগন্তুক ন্যায়িক প্ৰক্ৰিয়া চলাই নিয়াৰ । আগন্তুক ন্যায়িক প্ৰক্ৰিয়া চলাই নিয়াৰ সম্পূৰ্ণ দায়িত্ব থাকিব এই বিশেষ কমিটিখনৰ হাতত ।

কোনো অন্য সন্থা বা সংগঠনৰ কমিটীয়ে ইয়াৰ বাবে দাবী কৰিব নোৱাৰিব । এই সকলো কথা অমৃতপাল সিঙে জে’লৰ ভিতৰৰ পৰা লিখি দিয়া বুলি কৰাগাৰত অমৃতপাল সিঙক সাক্ষাৎ কৰি অধিবক্তাই সাংবাদিকৰ আগত প্ৰকাশ কৰে ।

লগতে পঢ়ক:Bodofa super 50 mission : বিটিআৰৰ শিক্ষাৰ্থীসকললৈ সুখবৰ; 50 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া নীট কোচিং

ABOUT THE AUTHOR

...view details