অসম

assam

ডিব্ৰুগড়ত কেন্দ্ৰীয় কলাগুৰু বিষ্ণু ৰাভা দিৱস: বিশিষ্ট শিল্পীলৈ সন্মান চৰকাৰৰ

By

Published : Jun 20, 2022, 9:28 PM IST

ডিব্ৰুগড়ত কেন্দ্ৰীয় কলাগুৰু বিষ্ণু ৰাভা দিৱস: বিশিষ্ট শিল্পীলৈ সন্মান চৰকাৰৰ

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল কলাগুৰু বিষ্ণু ৰাভা দিৱস ৷ নৃত্য পটীয়সী শাৰদী শইকীয়া আৰু চিত্ৰশিল্পী চন্দ্ৰকমল গগৈলৈ এই বৰ্ষৰ 'বিষ্ণু ৰাভা বঁটা' প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মৰাণ, 20 জুন:শিল্পী-সৈনিক বিষ্ণু ৰাভা স্মৃতি দিৱস আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ডিব্ৰুগড়ৰ চৌকিডিঙিত কেন্দ্ৰীয়ভাবে অনুষ্ঠিত কৰে (Bishnu Rabha Divas Centrally observed at Dibrugarh by Assam government) । এই অনুষ্ঠানতে ৰাজ্যৰ সাংস্কৃতিক বিভাগে সাহিত্য, সংস্কৃতি, শান্তি, সম্বন্বয়, মহিলা সৱলীকৰণ আদিৰ বাবে সমাজ জীৱনত অনবদ্য অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তি সকলৰ নামত প্ৰৱৰ্তন কৰা 3 টা ৰাষ্ট্ৰীয় আৰু 10 টা ৰাজ্যিক বঁটা প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ডিব্ৰুগড়ত কেন্দ্ৰীয় কলাগুৰু বিষ্ণু ৰাভা দিৱস: বিশিষ্ট শিল্পীলৈ সন্মান চৰকাৰৰ

আজি অনুষ্ঠিত এই কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই নৃত্য-পটীয়সী শাৰদী শইকীয়া আৰু চিত্ৰশিল্পী চন্দ্ৰকমল গগৈক এই বৰ্ষৰ 'বিষ্ণু ৰাভা বঁটা' প্ৰদান কৰে ৷ ইয়াৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত নাগালেণ্ডৰ লোক-সংস্কৃতিৰ গৱেষক ড৹ অনুংলা আয়াৰলৈ 'কালীচৰণ ব্ৰহ্ম ৰাষ্ট্ৰীয় বঁটা' আগবঢ়োৱা হয় ৷ গৱেষক-পণ্ডিত ড৹ নৰেন কলিতালৈ 'কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা', লোকতত্ত্ববিদ ড৹ অমলেন্দু ভট্টাচাৰ্যলৈ 'আজান পীৰ ৰাষ্ট্ৰীয় বঁটা' প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।

ডিব্ৰুগড়ত কেন্দ্ৰীয় কলাগুৰু বিষ্ণু ৰাভা দিৱস: বিশিষ্ট শিল্পীলৈ সন্মান চৰকাৰৰ

আনহাতে, ৰাজ্যিক পৰ্যায়ত বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাক প্ৰদান কৰা হয় 'পাৰ্বতি প্ৰসাদ বৰুৱা বঁটা'৷ তেনেদৰে লেখিকা ইলা বৰগোহাঁইলৈ 'অমলপ্ৰভা দাস বঁটা', লীলাৱতী কুশ্ৰেলৈ 'চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা', ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীলৈ 'মামণি ৰয়ছম গোস্বামী বঁটা', সাহিত্যিক ছবিলাল উপাধ্যায়লৈ 'চৈয়দ আব্দুল মালিক বঁটা', অনাতাঁৰ শিল্পী-ঘোষক চৈয়দ ছাদুল্লালৈ 'আহমদ আলী বাঁশকান্দি বঁটা', কবি বংশী বৰালৈ 'গণেশ গগৈ বঁটা', সমাজ সেৱক হেমন্ত গোহাঁইলৈ 'স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা', নৃত্যশিল্পী ননী বৰুৱালৈ 'শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা' প্ৰদান কৰা হয় ।

কেউগৰাকী বঁটা প্ৰাপকক ফুলাম গামোচা, শৰাই, সম্বৰ্ধনা পত্ৰ আৰু ধনৰ টোপোলা প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন কৰ্মৰাজিক সাৱলীলভাৱে ৰাইজৰ আগত দাঙি ধৰে । আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, তৰংগ গগৈ, পোনাকণ বৰুৱা, ডিব্ৰুগড় জিলা উপায়ুক্তৰ লগতে সাংস্কৃতিক বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:হোজাইত বিষ্ণু ৰাভা দিৱস পালন, নিৰ্মলপ্ৰভা বৰদলৈক স্মৰণ

TAGGED:

ABOUT THE AUTHOR

...view details