অসম

assam

AIR Dibrugarh Assamese news : কাইলৈৰ পৰা শুনিবলৈ নাপাব অসমীয়া ভাষাত সম্প্ৰচাৰিত আঞ্চলিক বাতৰি

By

Published : Oct 24, 2022, 5:52 PM IST

Updated : Oct 24, 2022, 7:46 PM IST

25 অক্টোবৰৰ পৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা ৰাইজে শুনিবলৈ নাপাব অসমীয়া ভাষাত সম্প্ৰচাৰিত আঞ্চলিক বাতৰি (Assamese news bulletin will close on 25th Oct 2022) ৷ প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে শনিবাৰে এই সন্দৰ্ভত জাননী জাৰি কৰিছে ৷ প্ৰসাৰ ভাৰতীৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বহু দল-সংগঠন ৷

Assamese news bulletin of Dibrugarh radio center will close
কাইলৈৰ পৰা বন্ধ হ’ব অসমীয়া ভাষাত সম্প্ৰচাৰিত আঞ্চলিক বাতৰি

ডিব্ৰুগড়, 24 অক্টোবৰ :অসমীয়া ভাষাক পুনৰ মোক্ষম আঘাত বিজেপি চৰকাৰৰ । APSC পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰৰ পিছতে অসমীয়া মাধ্যমৰ বিদ্যালয়ত বলপূৰ্বকভাৱে ইংৰাজী মাধ্যম জাপি দিব খোজা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ চৌদিশে প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ ইয়াৰ মাজতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ একমাত্ৰ অসমীয়া ভাষাৰ নিউজ বুলেটিনৰ ওপৰতো আক্ৰমণ বিজেপিৰ (Assamese news bulletin) ।

শীঘ্ৰে বন্ধ হ’ব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া ভাষাত সম্প্ৰচাৰিত আঞ্চলিক বাতৰি (AIR Dibrugarh Assamese news) । দুদিনমানৰ পিছতে শুনিবলৈ নাপাব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ আঞ্চলিক বাতৰি । আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰযোগে প্ৰতি সন্ধিয়া 6 বজাত প্ৰচাৰিত হৈ অহা আঞ্চলিক বাতৰিৰ প্ৰচাৰ অহা 25 অক্টোবৰৰ পৰা বন্ধ হ’ব (Assamese news bulletin of Dibrugarh radio center will close on 25th) ।

প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে শনিবাৰে এই সন্দৰ্ভত জাননী জাৰি কৰিছে ।

সেইমৰ্মে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰতি সন্ধিয়া 6 বজাত প্ৰচাৰিত হৈ অহা পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন এতিয়াৰ পৰা বন্ধ হ’ব । উল্লেখ্য যে, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই 1997 চনৰ 11 জুনৰ পৰা নিজাববীয়াকৈ পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন প্ৰচাৰ কৰি আহিছিল ।

প্ৰসাৰ ভাৰতীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা 24 অক্টোবৰৰ সন্ধিয়া 6 বজাত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই প্ৰচাৰ কৰা আঞ্চলিক বুলেটিনখনেই হ’ব শেষ বুলেটিন । তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দ্ৰ কুমাৰ গুজৰালে ব্ৰডগজ ৰে’লৱে লাইন সম্প্ৰসাৰণৰ উদ্বোধনৰ বাবে ডিব্ৰুগড়লৈ অহা সময়ত ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি শীঘ্ৰেই আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰিছিল ।

কাইলৈৰ পৰা বন্ধ হ’ব অসমীয়া ভাষাত সম্প্ৰচাৰিত আঞ্চলিক বাতৰি

তাৰ পিচতে 1997 চনৰ 11 জুনৰ পৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই অসমীয়া বাতৰি প্ৰচাৰ কৰি আহিছিল । উজনি অসমৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে কেন্দ্ৰটোৰ পৰা প্ৰচাৰিত হৈ থকা আঞ্চলিক বুলেটিনখনৰ সময়সীয়া দহ মিনিটলৈ বৃদ্ধি কৰিবলৈ দাবী জনাই আহিছিল ।

কিন্তু তাৰ বিপৰীতে প্ৰসাৰ ভাৰতীয়ে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত হৈ অহা অসমীয়া বাতৰি বন্ধ কৰাৰ জাননী জাৰি কৰাটোৱে স্বাভাৱিকতে সচেতন ৰাইজৰ লগতে দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :Helpless baby in GMCH : মাতৃৰ বুকৰ উমৰ অবিহনে চিকিৎসা কৰ্মীৰ কোলাতেই ডাঙৰ হৈছে প্ৰিঞ্চ

Last Updated : Oct 24, 2022, 7:46 PM IST

ABOUT THE AUTHOR

...view details