ETV Bharat / state

Helpless baby in GMCH : মাতৃৰ বুকৰ উমৰ অবিহনে চিকিৎসা কৰ্মীৰ কোলাতেই ডাঙৰ হৈছে প্ৰিঞ্চ

author img

By

Published : Oct 24, 2022, 1:59 PM IST

Updated : Oct 24, 2022, 3:25 PM IST

এটি দেৱশিশুৱে মন মুহিছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ বহু ৰোগীৰ অভিভাৱক, চিকিৎসক তথা চিকিৎসা কৰ্মীৰ । পিছে শিশুটিৰ জীৱন কাহিনীয়ে সেমেকাই তুলিছে সকলোৰে দুচকু(Helpless baby in GMCH) । কিন্তু কিয় ?

helpless child of sick mother
মাতৃৰ বুকৰ উম নোপোৱাকৈ ডাঙৰ হৈছে প্ৰিঞ্চ

গুৱাহাটী, ২৪অক্টোবৰ : কিমান কৰুণ হ'ব পাৰে এই মানৱ জীৱন ? অনুপম জীৱনত কোন হ'ব পাৰে বহুতৰে আপোন ? মাতৃৰ বুকুৰ উম নোপোৱাকৈ কেনেকৈ ডাঙৰ হয় এটি শিশু ? এখন জীয়া ছবি প্ৰতিফলিত হৈছে GMCH ৰ এটা কোণত(Helpless baby in GMCH) ।

এবাৰ যদি কোনোবা এজনৰ কোলাত অলপ পাছতে আন এজনৰ কোলাত দেখিবলৈ পাব খুবেই মৰমলগা এটি শিশু । শিশুটিৱে একোকে নুবুজে, একোকে নাজানে । মুখত লাগি থাকে মাথো এটি মৰমলগা হাঁহি । শিশুটিৰ মাতৃ আজি এবছৰে ICU ত । শিশুটিৰ নাম প্ৰিঞ্চ । তেতিয়া প্ৰিঞ্চৰ বয়স আছিল মাত্ৰ ডেৰ মাহ । ২০২১ চনৰ ডিচেম্বৰ মাহত শীতৰ এটি নিশাত নগাঁৱৰ পোতনি সোণাৰি গাঁৱত প্ৰিঞ্চক শুৱাই জুইৰ উত্তাপ লৈ আছিল মুন হাজৰিকাৰ পত্নী তথা প্ৰিঞ্চৰ মাতৃ কৰৱী হাজৰিকাই ।

দুৰ্ভাগ্যবশতঃ কৰৱী হাজৰিকাৰ দেহত অগ্নি সংযোগ হোৱাত অগ্নিদগ্ধ হৈ অৰ্ধগলিত হয় কৰৱী । লগে লগে অগ্নিদগ্ধ প্ৰিঞ্চৰ মাতৃক ভৰ্তি কৰোৱা হয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত । তাৰ পাছতেই আৰম্ভ হ'ল প্ৰিঞ্চৰ মাতৃৰ মৰমৰ পৰা বঞ্চিত জীৱন । অসহায় পিতৃ মুন হাজৰিকাই প্ৰিঞ্চক কোলাত লৈয়ে আৰম্ভ কৰে কৰৱীৰ চিকিৎসা ।

মাতৃৰ বুকৰ উমৰ অবিহনে চিকিৎসা কৰ্মীৰ কোলাতেই ডাঙৰ হৈছে প্ৰিঞ্চ

উন্নত চিকিৎসাৰ বাবে কৰৱী হাজৰিকাক চিকিৎসকে প্ৰেৰণ কৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ । আৰ্থিকভাৱে জুৰুলা মুন হাজৰিকাই প্ৰিঞ্চক লগত লৈয়ে পালেহি GMCH । যেনে তেনে বিগত প্ৰায় ৫ মাহে চলাই গৈছে চিকিৎসা(Helpless child of sick mother) । সমানে ডাঙৰ হৈছে প্ৰিঞ্চ । GMCH ৰ Burn ICU ৰ কাষতে ইজন সিজনৰ কোলাত উমলিয়েই এবছৰীয়া হ'ল প্ৰিঞ্চ ।

সকলোৱে বহুত মৰম কৰে হাঁহিমুখীয়া প্ৰিঞ্চক । আৰ্থিকভাৱে জুৰুলা প্ৰিঞ্চৰ পিতৃক কোনো কোনোৱে সহায় কৰে যদিও সেয়া পৰ্যাপ্ত নহয় । ইফালে কৰৱীৰ চিকিৎসাৰ ব্যয় আছেই । দুৰ্ভগীয়া পৰিয়ালটোৱে আজিলৈকে পোৱা নাই কোনো চৰকাৰী সাহায্য ।

সেয়ে অসহায় মুন হাজৰিকাই সহায় বিচাৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা তথা সুহৃদজনৰ । আপুনিও যদি সহায় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক 9864980986 নম্বৰত । আপোনাৰ অকণমান সহায় হয়তো কনমানিটিক ঘূৰাই দিব মাতৃৰ মৰম । উমলিব পাৰিব সি মাতৃৰ কোলাত । মাতৃৰ আঁচলৰ ছাঁত খেলিব পাৰিব শৈশৱৰ লুকাভাকু ।

লগতে পঢ়ক: Fire in Duliaajan: নিশা দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

Last Updated : Oct 24, 2022, 3:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.