অসম

assam

খহনীয়া ৰোধ সন্দৰ্ভত ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বৈঠক

By

Published : Feb 2, 2021, 2:00 PM IST

খহনীয়া ৰোধ সন্দৰ্ভত ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বৈঠক
খহনীয়া ৰোধ সন্দৰ্ভত ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বৈঠক

বুঢ়ীদিহিং নদীত মথাউৰি সবলীকৰণ আৰু খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰস্তাৱিত প্ৰকল্পৰ সন্দৰ্ভত ৰাইজৰ মতামত ল'লে ডিব্ৰুগড় জিলা প্ৰশাসনে। অসম সংহত নদী অৱবাহিকা ব্যৱস্থাপনা প্ৰকল্পৰ অধীনত খহনীয়া ৰোধৰ বাবে প্ৰকল্প নিৰ্মাণ কৰা হ'ব । ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সোমবাৰে এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয় ।

মৰাণ,২ ফেব্ৰুৱাৰী: অসম বানপানী আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ আৰু জলসম্পদ বিভাগৰ উদ্যোগত সোমবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । বৈঠকত অসম সংহত নদী অৱবাহিকা ব্যৱস্থাপনা প্ৰকল্পৰ অধীনত ডিব্ৰুগড় জিলাৰ বুঢ়ীদিহিং নদীত মথাউৰি সবলীকৰণ আৰু খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰস্তাৱিত প্ৰকল্পৰ সন্দৰ্ভত অংশীদাৰী সংস্থা আৰু ৰাইজৰ মতামত গ্ৰহণ কৰে জিলা প্ৰশাসনে ।

খহনীয়া ৰোধ সন্দৰ্ভত ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বৈঠক

এই বৈঠকত উপস্থিত থাকে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন,ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা, ডিব্ৰুগড় পশ্চিম আৰু টেঙাখাত ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ক্ৰমে প্ৰাঞ্জল শৰ্মা বৰুৱা আৰু মিনাৰ্ভা দেৱী, প্ৰস্তাৱিত প্ৰকল্পথলী থকা অঞ্চলৰ গাঁওবুঢ়া আৰু স্থানীয় ৰাইজ । উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত প্ৰথমে অসম বানপানী আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণৰ কাৰ্যবাহী বিষয়া প্ৰভাত কোঁৱৰে বিশ্ব বেংকৰ পুঁজিৰে নিৰ্মাণ হ'বলগীয়া ১১ টা প্ৰকল্প সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷

খহনীয়া ৰোধ সন্দৰ্ভত ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বৈঠক

অসম সংহত নদী অৱবাহিকা ব্যৱস্থাপনা প্ৰকল্পৰ ট্ৰেন্স-১ৰ অধীনত এই প্ৰকল্পৰ কাম আৰম্ভ হ'ব ৷ এই প্ৰকল্পসমূহ ৰূপায়ণৰ ফলত সামাজিক আৰু পাৰিপাৰ্শ্বিক দিশত পৰিব পৰা প্ৰভাৱ সন্দৰ্ভত সকলোকে মতামত আগবঢ়াৱলৈ আহ্বান জনায় কাৰ্যবাহী বিষয়াগৰাকীয়ে । এই বৈঠকত প্ৰভাত কোঁৱৰে এই ১১ টা প্ৰকল্পৰ ভিতৰত যাৱতীয় জৰীপৰ অন্তত ৬টা প্ৰকল্পৰ বাবে চৰকাৰী ভূমি লাভ কৰা বাবে আৰু এই প্ৰকল্প ৰূপায়ণৰ ফলত আৰ্থিক বা আন দিশত প্ৰভাৱিত নোহোৱাতো নিশ্চিত হোৱাৰ পিছত উক্ত ৬টা প্ৰকল্পৰ কাম অতি সোনকালে আৰম্ভ কৰিব পাৰি বুলিও মন্তব্য কৰে ৷ আনহাতে,জলসম্পদ বিভাগক ভগামূৰ আৰু বলাই অঞ্চলৰ সুৰক্ষাৰ কামো অগ্ৰাধিকাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ দাখিলৰ নিৰ্দেশ দিয়া কৰা হয় ৷


লগতে পঢ়ক:উত্তৰ গুৱাহাটীত অসুস্থ নাহৰফুটুকীক খুৱালে গাখীৰ-বিস্কুট

ABOUT THE AUTHOR

...view details