অসম

assam

প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীয়ে নাগালেণ্ডলৈ আহি ৰাইজৰ ওচৰত ক্ষমা খোজা প্ৰয়োজন : জিতেন্দ্ৰ সিং

By

Published : Dec 9, 2021, 2:01 PM IST

Nagaland firing incident
কংগ্ৰেছ কৰ্মীক নাগালেণ্ডলৈ যোৱাত বাধা প্ৰদান অসম আৰক্ষীৰ

নাগালেণ্ডৰ মন জিলালৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী জিতেন্দ্ৰ সিঙক (AICC Secretary Jitendra Singh) যোৱাত বাধা প্ৰদান কৰিছে অসম আৰক্ষীয়ে ৷ যাক লৈ ক্ষোভিত হৈ পৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকী ৷

মৰাণ, 9 ডিচেম্বৰ :নাগালেণ্ডৰ মন জিলাত নিৰীহ শ্ৰমিকৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰা ঘটনাই (Nagaland firing incident) দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই ঘটনাক লৈ আজিও মন জিলাত উত্তেজনা বিৰাজ কৰি আছে । কেন্দ্ৰীয় চৰকাৰে নিহত আৰু আহতসকললৈ সাহায্য ঘোষণা কৰিলেও পৰিয়াল লোকে ধনৰ সলনি ন্যায় লাগে বুলিহে দাবী কৰিছে ।

নাগালেণ্ডৰ মন জিলাৰ গুলি চালনাৰ ঘটনা

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত কংগ্ৰেছ নেতৃত্বই এখন বিশেষ সমিতি গঠন কৰিছে ৷ আনকি মন জিলাৰ ঘটনাক তদাৰক কৰিবলৈ এটা দল প্ৰেৰণ কৰিছিল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৷ কিন্তু কংগ্ৰেছ নেতা-কৰ্মীক নাগালেণ্ডলৈ যোৱাত বাধা প্ৰদান কৰে অসম আৰক্ষীয়ে (Security forces have trapped Jitendra Singh) ৷

ডিব্ৰুগড়ত ৰাজ্যত চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী জিতেন্দ্ৰ সিঙে (AICC Secretary Jitendra Singh reaction on Nagaland incident) । কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয়, চৰকাৰে সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ লুকুৱাব বিচাৰিছে ৷ সেয়ে কংগ্ৰেছ নেতাক সেই স্থানলৈ যোৱাত বাধা প্ৰদান কৰিছে ৷

কংগ্ৰেছ কৰ্মীক নাগালেণ্ডলৈ যোৱাত বাধা প্ৰদান অসম আৰক্ষীৰ

লগতে তেওঁ কয় যে, সামৰিক অভিযান চলোৱাৰ আগত বহু পৰিকল্পনা কৰা হয় ৷ তেনেস্থলত নিৰীহ শ্ৰমিকক গুলীয়াই মৰাটোত কিবা ৰহস্য আছে । নিজৰ দোষ স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নাগালেণ্ডলৈ আহি ৰাইজক ওচৰত ক্ষমা খোজাতো প্ৰয়োজন আছিল বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।

লগতে পঢ়ক :ম'ন জিলালৈ যোৱাত ৰৰৈয়া বিমান বন্দৰতেই জীতেন্দ্র সিঙক বাধা নিৰাপত্তাৰক্ষীৰ

ABOUT THE AUTHOR

...view details