অসম

assam

পথ মেৰামতিৰ দাবীত দুলীয়াজানত আছু, স্থানীয় ৰাইজৰ পথ অৱৰোধ

By

Published : Oct 1, 2021, 10:02 AM IST

বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিৰ ৰাইজক । দুলীয়াজানৰ এই পথটো মেৰামতিৰ বাবে বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো কোনো গুৰুত্ব দিয়া নাই জনপ্ৰতিনিধিয়ে । উপায়হীন হৈ পথ মেৰামতিৰ দাবীত আছু আৰু স্থানীয় ৰাইজে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ।

Public protest in demand of repairing road at Duliajan
দুলীয়াজানত আছু আৰু স্থানীয় ৰাইজৰ পথ অৱৰোধ

দুলীয়াজান, ১ অক্টোবৰ: ডিব্ৰুগড়ৰ দুলীয়াজানত উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাইছে এটা জৰাজীৰ্ণ পথে । দুলীয়াজানৰ ১৬ নং তিনিআলিৰ পৰা শুকুটা চাৰিআলিলৈকে প্রায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ গড়কাপ্তানি পথটো বছৰ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাতে আছে । পথৰ জৰ্জৰিত অৱস্থাই পথচাৰী, যান-বাহন চালকসকলক বাৰুকৈয়ে জ্বলা-কলা খুৱাই আহিছে ।

উজনিৰ তৈল নগৰী হিচাপে পৰিচিত দুলীয়াজান সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি ভাৰত চৰকাৰৰ তেল, গেছ আৰু পেট্ৰ'লিয়ামৰ দৰে বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ আসন শুৱনি কৰা মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু নিজকে দক্ষ হিচাপে জাহিৰ কৰি দুবাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হোৱা শাসকীয় দলৰ বিধায়ক তেৰচ গোৱালাৰ দৰে প্ৰতিনিধি থকাৰ পাছতো দুলীয়াজানৰ মাজমজিয়াত থকা এই পথটো আজি পৰ্যন্ত মেৰামতি নহ'ল ।

দুলীয়াজানত আছু আৰু স্থানীয় ৰাইজৰ পথ অৱৰোধ

উপায়হীন হৈ প্ৰখৰ ৰ'দকো আওকাণ কৰি দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজ ওলাই আহিল ৰাজপথলৈ । এনেদৰে ৰাইজে পথ মেৰামতিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হোৱা ঘটনাই জন প্ৰতিনিধিসকলৰ ব্যৰ্থতা উন্মোচিত কৰিছে ।

পথটো মেৰামতি কৰাৰ দাবীত বৃহস্পতিবাৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত স্থানীয় ৰাইজ ওলাই আহে আৰু উক্ত পথটো এঘণ্টাৰ বাবে অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে । ইফালে, প্ৰতিবাদস্থলীৰ পৰাই দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে স্বাক্ষৰ কৰা এখন স্মাৰক পত্ৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আবাসী বিষয়া, লোকনিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা আৰু টেঙাখাত ৰাজহ চক্ৰ বিষয়ালৈ প্ৰেৰণ কৰা হয় । ৰাইজ আৰু ছাত্ৰ সংগঠনটোৰ এই আহ্বানক চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কিমান গুৰুত্ব দিয়ে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:এতিয়াৰ পৰা ইন্ধন ক্ৰয় কৰিলে দেখুৱাব লাগিব ক’ভিড চাৰ্টিফিকেট

ABOUT THE AUTHOR

...view details