অসম

assam

Cattle syndicate: ধুবুৰীত গৰুসহ আটক চোৰাং ব্যৱসায়ী

By

Published : Oct 17, 2022, 10:47 PM IST

গো সুৰক্ষা আইন বলবৎ হোৱাৰ পিছতো ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ ছিণ্ডিকেট । ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰে এতিয়াও অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় । দেওবাৰে নিশা ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষীৰ অভিযানত জব্দ হয় পুনৰ ৯ টাকৈ চোৰাং ভাৱে সৰবৰাহ কৰা গৰু (Cattle seized in Dhubri)।

smugglers-arrested-with-cattle-in-dhubri
ধুবুৰীত গৰুসহ আটক চোৰাং ব্যৱসায়ী

ধুবুৰী, 17 অক্টোবৰ: ৰাজ্যত এতিয়াও অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় । বিগত কিছু বছৰৰ পৰা ৰাজ্যখনত ধাৰাবাহিকভাৱে গৰুৰ চোৰাং ব্যৱসায় অব্যাহত আছে । ৰাজ্য চৰকাৰে এই চোৰাং ব্যৱসায় বন্ধ কৰাৰ উদ্দেশ্যে বলবৎ কৰিছে গো সুৰক্ষা আইন । কিন্তু গো সুৰক্ষা আইন বলবৎ হৈ থকাৰ সময়তে ৰাজ্যত অব্যাহত আছে পশুধনৰ চোৰাং ছিণ্ডিকেট ।

উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা ট্ৰাকে ট্ৰাকে গৰুসমূহ আনি অসম বংগ সীমান্তৰে অসমলৈ অনা হয় । অসম বংগ সীমান্তৰ পৰা কিছু পৰিমাণৰ গৰু ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ ভাৰত বাংলা সীমান্তৰে বাংলাদেশলৈ চালান দিয়াৰ বিপৰীতে আন কিছু গৰু গুৱাহাটী লৈ নিয়া হয় ।

আনকি কিছু পৰিমাণৰ গৰু মেঘালয়েৰে বাংলাদেশলৈ চোৰাং চালান দিয়া হৈছে । মুঠৰ ওপৰত বাংলাদেশলৈ চোৰাং ভাবে সৰবৰাহ হৈ আছে পশুধন । ৰাজ্যখনত আজিও সক্ৰিয় হৈ আছে আন্তঃৰাষ্ট্ৰীয় চোৰাং গৰুৰ বৃহৎ ছিণ্ডিকেট । ইপিনে বিগত বৰ্ষত বহু কেইটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছতো এতিয়াও কিন্তু বন্ধ হোৱা নাই গৰুৰ ছিণ্ডিকেট ।

শেহতীয়াকৈ দেওবাৰে নিশা ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষীৰ অভিযানত জব্দ হয় পুনৰ ৯ টাকৈ চোৰাং ভাৱে সৰবৰাহ কৰা গৰু (Cattle seized in Dhubri)। ধুবুৰীৰ মতিৰচৰ অঞ্চলৰ পৰা আৰক্ষীয়ে AS17C-4814 নম্বৰৰ এখন বলে'ৰ পিক আপ ভানসহ জব্দ কৰে গৰুকেইটা ।

ধুবুৰীত গৰুসহ আটক চোৰাং ব্যৱসায়ী

ইপিনে ঘটনাস্থলীৰ পৰা মোজাফ্ফৰ আলী নামৰ এল এণ্ড টি কোম্পানীৰ এজন ব্যক্তিগত চিকিউৰিটি গাৰ্ডকো আটক কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । গৰু কেইটা বাংলাদেশলৈ চোৰাং চালন দিয়াৰ চেষ্টা চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে (Smugglers arrested with cattle in Dhubri) ।

এতিয়া প্ৰশ্ন হয়, ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ ঠিকা লাভ কৰা এল এণ্ড টি কোম্পানীৰ ব্যক্তিগত চিকিউৰিটি গাৰ্ডে কৰ্তব্য পালন কৰাৰ পৰিৱৰ্তে কেনেকৈ আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং ব্যৱসায়ত জড়িত হৈ পৰিছে? এল এণ্ড টি কোম্পানীৰ অস্থায়ী দলঙৰ ওপৰেৰে প্ৰতি নিশাই পাৰ হয় নেকি চোৰাং গৰুৰ বাহন? ধুবুৰীৰ উন্মুক্ত ভাৰত বাংলা সীমান্তৰে অব্যাহত থকা গৰুৰ চোৰাং ব্যৱসায়ে উদঙাইছে গো সুৰক্ষা আইনৰ ফোঁপোলা স্বৰূপটো ।

লগতে পঢ়ক:নগাঁও আৰক্ষীৰ তৎপৰতাত ৮টা চোৰাং গৰু জব্দ

ABOUT THE AUTHOR

...view details