ETV Bharat / state

নগাঁও আৰক্ষীৰ তৎপৰতাত ৮টা চোৰাং গৰু জব্দ

author img

By

Published : Oct 25, 2021, 7:27 PM IST

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । দেওবাৰে নিশা নগাঁৱত জব্দ হ'ল চোৰাংভাৱে সৰবৰাহ কৰা ৮টা গৰু । আৰক্ষীয়ে জব্দ কৰে গৰু কঢ়িওৱা বাহনখনো ।

cattle seized in Nagaon
নগাঁও আৰক্ষীৰ তৎপৰতাত ৮টা চোৰাং গৰু জব্দ

নগাঁও, ২৫ অক্টোবৰ: আৰক্ষী-প্ৰশাসন অথবা আইনৰ কঠোৰ শাস্তিলৈও ভয় নকৰে চোৰাং গৰু ব্যৱসায়ীয়ে । আৰক্ষীৰ চকুত ধূলি দি ন ন উপায় অৱলম্বন কৰি গৰুৰ চোৰাং বেহা চলায় । আনহাতে, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই ড৹ হিমন্ত বিশ্ব শৰ্মাই ছিণ্ডিকেট, দালালৰাজ বন্ধ কৰিব বুলি কোৱাৰ পাচতো ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ছিণ্ডিকেট । দেওবাৰে নগাঁৱত আৰক্ষীয়ে জব্দ কৰিলে চোৰাংভাৱে গৰু কঢ়িওৱা এখন বাহন ।

লগতে জব্দ কৰে ৮টা গৰু । দেওবাৰে নিশা নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁও চহৰৰ লক্ষ্মীনগৰৰ পৰা এখন গৰু ভৰ্তি টাটা মেজিক বাহন জব্দ কৰিবলৈ সক্ষম হয় । অৱশ্যে আৰক্ষীৰ আগমণৰ উমান পাই বাহনখনৰ চালকজনে বাহন এৰি পলায়ন কৰে । জব্দকৃত AS D1 KC 5498 নম্বৰৰ বাহনখনত থকা ৮ টাকৈ গৰু জব্দ কৰে আৰক্ষীৰ দলটোৱে ।

পাণ জপা দি বাহনখনত গৰু সৰবৰাহ কৰি অনাত বাহনখনৰ কেইবাটাও গৰু অসুস্থ হৈ পৰে । গৰুকেইটা ক'ৰ পৰা আৰু কোনে সৰবৰাহ কৰিছিল এই সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত কোনো তথ্য লাভ কৰা নাই বুলি জানিব পৰা গৈছে ।

অবৈধভাৱে গৰু সৰবৰাহ কৰা চক্ৰটোৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে । এতিয়া প্ৰশ্ন হয় যে, ৰাজ্যত কোনো শক্তিশালী চক্ৰই পুনৰ আৰম্ভ কৰিছে নেকি গৰুৰ চোৰাং ছিণ্ডিকেট ? কাৰ ছত্ৰছাঁয়াত আৰম্ভ হৈছে গৰুৰ চোৰাং বেহা ? গৰুৰ চোৰাং ছিণ্ডিকেটৰ সৈতে জড়িত মূল অভিযুক্তক তদন্তৰ আওতালৈ আনিব পাৰিব নে অসম আৰক্ষীয়ে ।

লগতে পঢ়ক : মাজুলীত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.