অসম

assam

Road accident in Dhubri : ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত 1 আহত 2

By

Published : Aug 5, 2023, 10:59 AM IST

ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত এজন বাইক আৰোহী নিহত হোৱাৰ লগতে আহত হয় দুজন । নিহত বাইক আৰোহীজন এজন কণিষ্ঠ অভিযন্তা বুলি জানিব পৰা গৈছে ।

road accident in Dhubri
ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

ধুবুৰী, 5 আগষ্ট :শুকুৰবাৰে নিশা ধুবুৰীৰ গৌৰীপুৰ চুপাৰ মাৰ্কেটত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চোৰাংভাৱে গৰু কঢ়িয়াই লৈ যোৱা এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে খুন্দিয়াই এখন মটৰ চাইকেলক । দুৰ্ঘটনাগ্ৰস্ত AS-01 BE 7785 নম্বৰৰ টাটা ইণ্ডিকা বাহনখনত আছিল তিনিটা চোৰাংভাৱে সৰবৰাহ কৰা গৰু ৷ এই দুৰ্ঘটনাত আহত অৱস্থাত উদ্ধাৰ কৰা হয় গৰুকেইটা ৷

এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বাইক চালক আকিব আহমেদ আৰু লগত যোৱা আকিব ৷ স্থানীয় ৰাইজৰ ততপৰতাত আহত দুয়োকো ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত বাইক চালক আকিব আহমেদৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি, দুৰ্ঘটনাটোত নিহত আকিব ধুবুৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী কণিষ্ঠ অভিযন্তা ৷ নিহত কণিষ্ঠ অভিযন্তা আকিবৰ ঘৰ ধুবুৰীৰ মতিৰচৰ অঞ্চলত ।

আনহতে, দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ চালকজনৰ অৱস্থাও অতি সংকটজনক বুলি জানিব পৰা গৈছে । চাৰিচকীয়া বাহনখনৰ চালকজন জুয়েল আলী বুলি চিনাক্ত হৈছে । আহত জুৱেলৰ ঘৰ ধুবুৰীৰ তামাৰহাট অঞ্চলত । চোৰাং গৰু সৰবৰাহৰ সৈতে দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ চালক জুয়েল আলী জড়িত থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, গুৰুতৰভাৱে আহত চাৰিচকীয়া বাহনখনৰ চালক জুয়েল আলীক প্ৰাথমিক চিকিৎসা দিয়াৰ পাচতেই উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু তাৰ পাচত অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

স্থানীয় ৰাইজৰ অভিযোগ, নিশা হ’লেই গোলকগঞ্জ, বালাজান, দাওভাঙী, গৌৰীপুৰ আৰক্ষী থানাৰ সন্মুখেৰেই পাৰ হৈ যায় চোৰাংভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি বিলাসী বাহন । কিন্তু এই ক্ষেত্ৰত নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰাৰ অভিযোগ উত্থাপন হৈছে ধুবুৰী আৰক্ষী তথা প্ৰশাসনৰ বিৰুদ্ধে ।

লগতে পঢ়ক :Titabor Fire incident : তিতাবৰত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল 5 খন দোকান; লক্ষাধিক টকাৰ ক্ষতি

ABOUT THE AUTHOR

...view details