অসম

assam

Miscreants firing: বিলাসীপাৰাত দুৰ্বৃত্তৰ গুলীচালনাত আঘাতপ্ৰাপ্ত যুৱক

By

Published : Aug 12, 2023, 12:39 PM IST

Updated : Aug 12, 2023, 2:04 PM IST

বিলাসীপাৰাত চাঞ্চল্যকৰ ঘটনা ৷ শূণ্যলৈ গুলীচালনা কৰে দুৰ্বৃত্ত ৷ এজন যুৱক আঘাতপ্ৰাপ্ত ৷

miscreants firing in dhubri bilashipara
দুৰ্বৃত্তই চলোৱা গুলীচালনাত আঘাতপ্ৰাপ্ত এজন

দুৰ্বৃত্তই চলোৱা গুলীচালনাত আঘাতপ্ৰাপ্ত এজন

ধুবুৰী, 12 আগষ্ট: বিলাসীপাৰাৰ শশাৰগাঁৱত দুৰ্বৃত্তৰ শূণ্যলৈ গুলীচালনা । ফুটকিবাৰী গাঁও পঞ্চায়তৰ শশাৰগাঁও প্ৰথমখণ্ডত শনিবাৰৰ পুৱা অচিনাক্ত দুৰ্বৃত্তই শূণ্যলৈ গুলীচালনা কৰা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ । কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীবেশ ৰায়ৰ বাসগৃহৰ পৰা 100 মিটাৰ দূৰত্বত উক্ত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ পৰা গৈছে ।

দুবৃৰ্ত্তৰ দলটোৱে জীবেশ ৰায়ৰ ঘৰ অভিমুখে গৈ থাকোতেই অস্ত্ৰধাৰীৰ দলটোৰ মুখামুখি হয় নিৰীহ যুৱক নন্দন নাথ (20)। ৰাতিপুৱা দৌৰিবলৈ উঠা নন্দন নাথে ইমান পুৱাই তিনিজনীয়া দলটোক দেখি আচৰিত হৈ পৰে আৰু ক'ত যায় বুলি প্ৰশ্ন সোধোতেই খঙত অগ্নিশৰ্মা হৈ পৰে তিনিজনীয়া অস্ত্ৰধাৰীৰ দলটো । তিনিজনীয়া অস্ত্ৰধাৰীৰ দলটোৱে নিৰীহ যুৱক নন্দন নাথক পিষ্টলৰ কুন্দাৰে মূৰ, পিঠি আৰু মুখত আঘাত কৰে বুলি জানিবলৈ দিয়ে ।

দুবৃৰ্ত্ত পিষ্টলেৰে খুন্দিয়াই দাঁত পৰ্যন্ত নন্দন নাথৰ ভাঙি দিয়ে বুলি জানিবলৈ দিয়ে । অস্ত্ৰধাৰীৰ দলটোৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় নন্দন নাথ ।নন্দন নাথে সহায়ৰ বাবে চিঞৰাত গাঁওবাসী ওলাই আহে । ইয়াৰ পিছতে দুস্কৃতিকাৰীৰ দলটোৱে শূণ্যলৈ গুলীচালনা কৰে । এই ঘটনাত আতংকিত হৈ পৰে গাঁওবাসী ।

দুৰ্বৃত্তই চলোৱা গুলীচালনাত আঘাতপ্ৰাপ্ত এজন

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে পিষ্টলৰ খালী কাৰ্টিজ উদ্ধাৰ কৰিছে । আঘাতপ্ৰাপ্ত নন্দন নাথক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । ঘটনা সন্দৰ্ভত অঞ্চলটোত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ মহকুমা আৰক্ষী বিষয়াৰ লগতে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক নবীন সিং ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰে । কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীবেশ ৰায় অস্ত্ৰধাৰী দলটোৰ লক্ষ্য আছিল নেকি বুলি ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :Sensational robbery : চোকা অস্ত্ৰ দেখুৱাই ডকাইতে লুটিলে ব্যৱসায়ীৰ ধন

Last Updated : Aug 12, 2023, 2:04 PM IST

ABOUT THE AUTHOR

...view details