অসম

assam

'অসম বচাও' অভিযানৰ অংশ স্বৰূপে ধুবুৰীত গৌৰৱ গগৈ

By

Published : Feb 26, 2021, 8:52 PM IST

ধুবুৰীৰ গোলকগঞ্জত উপস্থিত হ'ল সাংসদ গৌৰৱ গগৈ ৷ অসম প্ৰদেশৰ 'অসম বচাও' অভিযানৰ অংশ স্বৰূপে গোলকগঞ্জত উপস্থিত হৈ সাংসদ গৰাকীয়ে কৰিলে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ ।

'অসম বচাও' অভিযানৰ অংশ স্বৰূপে ধুবুৰীত গৌৰৱ গগৈ
'অসম বচাও' অভিযানৰ অংশ স্বৰূপে ধুবুৰীত গৌৰৱ গগৈ

গোলকগঞ্জ,২৬ ফেব্ৰুৱাৰী: অসম প্ৰদেশৰ 'অসম বচাও' অভিযানেৰে ধুবুৰীৰ গোলকগঞ্জত উপস্থিত হ'ল সাংসদ গৌৰৱ গগৈ ৷ দুপুৰীয়া গোলকগঞ্জৰ হৰিমন্দিৰত সেৱা জনাই সত্ৰশালৰ ৰামৰাইকুঠী সত্ৰত উপস্থিত হয় সাংসদগৰাকী ৷ প্ৰায় ত্ৰিশ কিলোমিটাৰ অতিক্ৰম কৰি সাংসদ গৌৰৱ গগৈয়ে আগমনিত এখন সভাত ভাগ লয় ৷

'অসম বচাও' অভিযানৰ অংশ স্বৰূপে ধুবুৰীত গৌৰৱ গগৈ

এই অনুষ্ঠানত তেওঁ ক'লে যে উজনিৰ পৰা নামনি লৈকে ৰাইজে বিজেপি চৰকাৰৰ দিনত হাৰাশাস্তি ভূগিবলগীয়া হৈছে ৷ তেওঁৰ মতে বিজেপিৰ প্ৰাৰ্থীৰ দুখন তালিকা হ'ব, এখন বিত্ত মন্ত্ৰীৰ আনখন মুখ্যমন্ত্ৰীৰ । সেয়ে বিজেপিৰ মাজতে বিবাদ সৃষ্টি হ'ব বুলি অভিযোগ কৰে গৌৰৱ গগৈয়ে | হিমন্ত বিশ্বৰ নাম নোলোৱাকৈয়ে সাংসদ গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ আশাত এজন মন্ত্ৰী গোটেই ৰাজ্যত চাইকেল চলাই ফুৰিছে । সেয়ে এদিনৰ বাবে হ'লেও তেওঁক মুখ্যমন্ত্ৰী বনোৱাৰ আহ্বান জনাই ৰাইজক ।

লগতে পঢ়ক:'অসম বচাও'ৰ অন্তৰালত অসম ধ্বংসৰ ব্লু প্ৰিন্ট কংগ্ৰেছৰ:দিলীপ শইকীয়া

ABOUT THE AUTHOR

...view details