অসম

assam

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

By

Published : Aug 4, 2020, 11:04 AM IST

সোমবাৰে নিশা ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ জব্দ কৰা সামগ্ৰীখিনিৰ মূল্য প্ৰায় পাঁচ লাখ বুলি উল্লেখ কৰে আৰক্ষীয়ে ৷ গোপন সূত্ৰৰ খবৰৰ ভিত্তিতে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশত চলোৱা অভিযানত নিচাযুক্ত সামগ্ৰীখিনি কুৰবান আলী নামৰ ব্যক্তিজনকো গ্ৰেপ্তাৰ কৰে ৷

ধুবুৰী
ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

ধুবুৰী,4 আগষ্টঃ ধুবুৰীত সোমবাৰে নিশা জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ জব্দ কৰা নিচাজাতীয় ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় পাঁচ লাখ টকা হ'ব বুলি ধাৰণা কৰিছে ধুবুৰী আৰক্ষীয়ে । ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশ অনুসৰি অতিৰিক্ত আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মণ আৰু উপ আৰক্ষী অধীক্ষক তৃণয়ন ভূঞাৰ নেতৃত্বত ধুবুৰী আৰক্ষীৰ এটা দলে চলে চলোৱা এক অভিযান জব্দ নিচাজাতীয় সামগ্ৰীখিনি৷ ধুবুৰী চহৰৰ তিনি নম্বৰ ৱাৰ্ড বাহাদুৰটাৰী অঞ্চলৰ কুৰবান আলী নামৰ লোকজনৰ ঘৰত লুকুৱাই ৰখা অৱস্থাত জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীখিনি ৷ জব্দ কৰা সামগ্ৰীখিনিৰ ভিতৰত কফ চিৰাপ আৰু যথেষ্ট সংখ্যক নিচাজাতীয় টেৱলেট থকা বুলি সদৰি কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত কুৰবান আলীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে যদিও কুৰবান আলীৰ সৈতে এটা ড্ৰাগছৰ বৃহৎ নেটৱৰ্ক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰে পৰা ধুবুৰীত ড্ৰাগছ জাতীয় ঔষধৰ ৰমৰমীয়া ক'লা বেহা অব্যাহত আছে । বহিঃৰাজ্যৰ পৰা আমদানি কৰা নিচাজাতীয় বিভিন্ন প্ৰকাৰৰ কফ চিৰাফ আৰু টেবলেট ধুবুৰীলৈ আমদানি কৰি এক ক'লা বেহা চলাই গৈছে এটা চক্ৰই । বিভিন্ন সময়ত আৰক্ষীয়ে নিচাজাতীয় ড্ৰাগছ জব্দ কৰাৰ বিপৰীতে কেইবাজনো ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে ধুবুৰী আৰক্ষী ।

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

ABOUT THE AUTHOR

...view details