অসম

assam

ধুবুৰী আৰক্ষীৰ জালত সন্দেহজনক তিনি কেএলঅ’ৰ সদস্য

By

Published : Apr 30, 2022, 12:36 PM IST

শুকুৰবাৰে নিশা ধুবুৰীৰ বিভিন্ন প্ৰান্তত চলিল আৰক্ষীৰ অভিযান । অভিযানত পিষ্টল, গুলিসহ জব্দ কৰে KLO সংগঠনৰ 6 খনকৈ ধন দাবী পত্ৰ ৷ ধুবুৰী আৰক্ষীয়ে আটক 3 জন যুৱক (Dhubri police detained three suspected KLO members) ।

Dhubri police detained three suspected KLO members
ধুবুৰী আৰক্ষীৰ জালত তিনি কেএলঅ’ৰ সদস্য

ধুবুৰী, 30 এপ্ৰিল : ধুবুৰী আৰক্ষীৰ জালত পৰিছে সন্দেহজনক তিনি কেএলঅ’ (KLO)ৰ সদস্য ৷ আটকাধীন তিনিজনেই বিভিন্ন অপহৰণকাণ্ড আৰু অনৈতিকমূলক কাম-কাজত জড়িত থকাৰ সন্দেহ কৰিছে ধুবুৰী আৰক্ষীয়ে (Dhubri police detained three suspected KLO members) ৷ আটকাধীন কেইজন হৈছে ক্ৰমে নাৰায়ন বৰ্মন ওৰফে বিক্ৰম বৰ্মন, তৰুণ ৰয় আৰু প্ৰণৱ নমো দাস । ইয়াৰে ভিতৰত নাৰায়ন বৰ্মন ওৰফে বিক্ৰম বৰ্মন প্ৰাক্তন KLO ৰ সদস্য বুলি আৰক্ষীয়ে সদৰি কৰিছে ।

ধুবুৰীৰ বিভিন্ন অপহৰণ ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষীয়ে লাভ কৰিছিল বিভিন্ন তথ্য (Dhuburi police operation) ৷ এই তথ্যৰ অভিযানতেই ধুবুৰী জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজিৰাণী শৰ্মা আৰু জিলা উপ আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰা ভূঞাৰ নেতৃত্বত ধুবুৰী আৰু চাপৰত শুকুৰবাৰে নিশা চলিছিল এক অভিযান ৷ এই অভিযানতেই আৰক্ষীয়ে আটক সন্দেহযুক্ত তিনি যুৱকক ৷

ধুবুৰী আৰক্ষীৰ জালত তিনি কেএলঅ’ৰ সদস্য

ধুবুৰী আৰক্ষী আৰক্ষী অধীক্ষক গুৰৱ অভিজিৎ দিলীপে উল্লেখ কৰা অনুসৰি, এক গোপন খবৰৰ তথ্যৰ ভিত্তিত আৰক্ষীৰ দলটোৱে প্ৰথমে বিক্ৰম বৰ্মনৰ ধুবুৰীস্থিত ভাড়াঘৰত চলাই অভিযান ৷ এই অভিযানত আৰক্ষীয়ে KLO ৰ 6 খনকৈ দাবী পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :ভোগদৈ নদীত উদ্ধাৰ শতাধিক সজীৱ গুলী

আনহাতে, আটকাধীন তৰুণ ৰয়ৰ জিম্মাৰ পৰা এটা 7.62 এমএম পিষ্টল আৰু এটা মেগাজিন উদ্ধাৰ কৰে ধুবুৰী আৰক্ষীয়ে । জানিব পৰা মতে, আটকাধীন তৰুণ ৰয় আক্ৰাছুৰ ধুবুৰী পূৱ জিলাৰ সহ-সম্পাদক । আনহাতে, বিক্ৰম বৰ্মনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে ধুবুৰীৰ চাপৰৰ হিন্দুপাৰাত অভিযান চলাই এটা পিষ্টল আৰু এটা মেগাজিন জব্দ কৰাৰ লগতে তৰুণ ৰায়ক আটক কৰে ।

ধুবুৰী আৰক্ষীৰ জালত তিনি কেএলঅ’ৰ সদস্য

তাৰ পিছত পুনৰ চাপৰৰ শান্তিপুৰ অঞ্চলত আৰক্ষীৰ দলটোৱে অভিযান চলাই প্ৰণৱ নমো দাস নামৰ আন এজন যুৱকক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, আটকাধীন তিনিওজনে মিলি এক বৃহৎ অপহৰণ আৰু ধনদাবীৰ পৰিকল্পনা ৰচনা কৰিছিল ।

বৰ্তমান ধুবুৰী সদৰ আৰক্ষী থানাত ৰখা হৈছে আটকাধীন তিনিওকে ৷ আৰক্ষীৰ জেৰাৰ অন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য ৷

লগতে পঢ়ক :ডিগবৈৰ ভীমপথাৰত উদ্ধাৰ সন্দেহজনক বিস্ফোৰক সামগ্ৰী

ABOUT THE AUTHOR

...view details