অসম

assam

এডোখৰ ভূমিক লৈ ধুবুৰীত দুটা ফৈদৰ মাজত সংঘাত

By

Published : Dec 15, 2020, 10:42 PM IST

ধুবুৰীত ভূমিক লৈ দুটা পক্ষৰ মাজত সংঘাত ৷ দুয়োটা পক্ষই পৃথকে পৃথকে ৰুজু কৰিছে গোচৰ ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ ৷

conflict-between-the-two-sides-over-the-role-of-dhubri
এডোখৰ ভূমিক লৈ ধুবুৰীত দুটা ফৈদৰ মাজত সংঘাত

ধুবুৰী, 15 ডিচেম্বৰ :ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত টিয়ামাৰী দ্বিতীয় খণ্ড গাঁৱৰ এডোখৰ ভূমিক লৈ দুটা পক্ষৰ মাজত যোৱা কিছুদিনৰ পৰাই সংঘাত অব্যাহত আছে ।

এডোখৰ ভূমিক লৈ ধুবুৰীত দুটা ফৈদৰ মাজত সংঘাত

জানিব পৰা মতে, প্ৰয়াত ৰমণি কান্ত ৰায় নামৰ ব্যক্তি গৰাকীৰ প্ৰায় বাৰ বিঘা মাটি পৰৱৰ্তী সময়ত উত্তৰাধিকাৰী হিচাপে পুত্ৰ কৃষ্ণ কান্ত ৰায়ৰ নামত নামজাৰী কৰা হয় । কিন্তু হঠাৎ এটা পক্ষই মাটিখিনি দখল কৰিবলৈ উঠি পৰি লাগিছে বুলি অভিযোগ উত্থাপন কৰে ৷ আনকি, কেইদিনমান পূৰ্বে দুটা পক্ষৰ মাজত মাৰপিটৰ দৰে ঘটনাও সংঘটিত হৈছে ।

পৰৱৰ্তী সময়ত দুয়োটা পক্ষৰ ফালৰ পৰা ধুবুৰী আৰু গৌৰীপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমান আৰক্ষীয়ে শামুকৰ গতিত তদন্ত আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক :প্ৰচাৰ ভাৰতীৰ ডিব্ৰুগড় কেন্দ্ৰ বন্ধ কৰাৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details