অসম

assam

কামৰূপ আইচ এণ্ড কোল্ড ষ্টোৰৰ বিৰুদ্ধে বে-আইনীভাৱে মাটি দখলৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 11:53 AM IST

ধুবুৰীৰ এখন ৰাজহুৱা খেলপথাৰক কেন্দ্ৰ কৰি উত্তেজনা ৷ কামৰূপ আইচ এণ্ড কোল্ড ষ্টোৰ নামৰ কোম্পানীটোৱে কোনো জোখ মাপ নকৰাকৈ যেনেকৈ ইচ্ছা তেনেকৈ মাটি দখল কৰাৰ অভিযোগ তুলিছে হাজাৰীগাঁওবাসীয়ে (Allegation against Kamrup Ice and Cold Store)৷

Allegation against Kamrup Ice and Cold Store
ধুবুৰীৰ এখন ৰাজহুৱা খেলপথাৰক কেন্দ্ৰ কৰি উত্তেজনা ৷

ধুবুৰীৰ এখন ৰাজহুৱা খেলপথাৰক কেন্দ্ৰ কৰি উত্তেজনা ৷

ধুবুৰী, ৮ ডিচেম্বৰ :শুকুৰবাৰে ধুবুৰীৰ হাজাৰীগাঁও অঞ্চলৰ এখন খেল পথাৰত হঠাৎ সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ । স্থানীয় খেলুৱৈসকলক খেল-ধেমালিত বাধা প্ৰদান কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তেজনাময় পৰিৱেশৰ । পৰৱৰ্তী পৰ্যায়ত আৰক্ষী উপস্থিত হোৱাতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ।

দৰাচলতে ধুবুৰী জুইশলা কাৰখানাৰ ১১০ বিঘা মাটি ITC কোম্পানীয়ে বিক্ৰী কৰিছে কামৰূপ আইচ এণ্ড কোল্ড ষ্টোৰ নামৰ কোম্পানীক । কিন্তু কোনো জোখ মাপ নকৰাকৈ যেনেকৈ ইচ্ছা তেনেকৈ মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে কামৰূপ আইচ এণ্ড কোল্ড ষ্টোৰ নামৰ কোম্পানীটোৰ বিৰুদ্ধে ।

জুইশলা কাৰখানাৰ স্থানীয় অংশীদাৰসকলৰ মতে, প্ৰায় দুশ বিঘা মাটি আছে ধুবুৰী জুইশলা কাৰখানাৰ । তাৰে ভিতৰৰ পৰা ১১০ বিঘা মাটিহে ক্ৰয় কৰিছে কামৰূপ আইচ এণ্ড কোল্ড ষ্টোৰ নামৰ কোম্পানীয়ে । কিন্তু ১১০ বিঘা মাটিৰ নামত দুশ বিঘা মাটি দখলৰ চেষ্টা চলাইছে কোম্পানীটোৱে । এই অভিযোগ স্থানীয় ৰাইজৰ ৷

স্থানীয় ৰাইজে উল্লেখ কৰা মতে, ১৯২৫ চনত স্থাপিত ধুবুৰী জুইশলা কাৰখানাৰ সৈতে লাগি থকা হাজাৰী গাঁও খেলপথাৰত ক্ৰিকেট অনুশীলনৰ বাবে বিশেষ ব্যৱস্থা কৰাৰ সময়তে কামৰূপ আইচ এণ্ড কোল্ড ষ্টোৰ নামৰ কোম্পানীৰ মেনেজাৰে বাধা প্ৰদান কৰে । আনকি স্থানীয় আৰক্ষী প্ৰশাসনৰ জৰিয়তেও বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰাত ক্ষোভিত হৈ পৰে স্থানীয় লোকসকল ।

আনকি আৰক্ষীৰ সন্মুখতেই সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ । আনকি কোম্পানীটোৰ মেনেজাৰগৰাকীয়ে স্থানীয় একাংশ ৰাইজক বাংলাদেশী, পাকিস্তানী বুলিও গালি দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

ইপিনে জোখ মাপ নকৰাকৈ যধে-মধে মাটি দখল কৰিবলৈ লোৱাৰ অভিযোগত কামৰূপ আইচ এণ্ড কোল্ড ষ্টোৰ নামৰ কোম্পানীৰ বিৰুদ্ধে উইমকো বচাওঁ কমিটিয়ে ইতিমধ্যে আদালতত গোচৰ পঞ্জীয়ন কৰিছে । এতিয়া আদালতৰ বিচাৰ প্ৰক্ৰিয়া কোনফালে গতি কৰে সেয়াহে লক্ষণীয় বিষয় ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীয়ে কৰিব উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ৰ উদ্বোধন

ABOUT THE AUTHOR

...view details