অসম

assam

ছাগলীয়ে লগালে অথন্তৰ: দুটা ফৈদৰ মাজত সংঘাত

By

Published : Jun 14, 2021, 2:16 PM IST

এটা ছাগলীয়ে খেতিপথাৰত ধান খোৱাক কেন্দ্র কৰি চাপৰৰ মৌখোৱাত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত ৷ চোকা অস্ত্ৰৰে ফয়জুদ্দিন শ্বেখৰ পৰিয়ালে আক্ৰমণ কৰিলে হামিদ আলীৰ পৰিয়ালক ৷ গুৰুতৰভাৱে আহত হামিদ আলীসহ পৰিয়ালৰ তিনিগৰাকী সদস্য ৷

4-people-injured-in-dhuburi
ধেমাজিত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

পূৱ বিলাসীপাৰা, ১৪ জুন :ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চাপৰৰ মৌখোৱা গাঁৱত ছাগলীয়ে পথাৰত ধান খোৱাক কেন্দ্র কৰি দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ হামিদ আলী নামৰ লোকজনৰ লগতে পৰিয়ালৰ সদস্যক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ফয়জুদ্দিন শ্বেখ নামৰ লোকজনৰ পৰিয়ালৰ লোকে । এই ঘটনাত গুৰুতৰভাৱে আহত হয় হামিদ আলী, পত্নী আছিদা বেগম, কন্যা তাছমিনা খাতুন আৰু ফিৰজা খাতুন ৷

ধেমাজিত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

ঘটনাৰ বিৱৰণী অনুসৰি, হামিদ আলী নামৰ লোকজনৰ ধান খেতিত ফয়জুদ্দিন শ্বেখৰ ছাগলী এটাই ধান খাইছিল । হামিদ আলীয়ে ধান খোৱা অৱস্থাত ছাগলীটোক ধৰি আনি ঘৰত বান্ধি ৰাখে । ছাগলী বিচাৰি ফয়জুদ্দিন শ্বেখ আহি উপস্থিত হয় হামিদ আলীৰ ঘৰত । কিন্তু তাতে লাগিল কেণা ৷

ফয়জুদ্দিনৰ লগত তীব্ৰ তৰ্ক-বিতৰ্ক হয় হামিদ আলীৰ । পৰৱৰ্তী সময়ত ফয়জুদ্দিন, হাবেজ আৰু ফয়জুদ্দিনৰ ল'ৰা ছাদ্দামে নিজৰ ব্ৰয়লাৰৰ দোকানৰ পৰা আহি উপস্থিত হয় হামিদ আলীৰ ঘৰত । দুই ফৈদৰ মাজত সংঘটিত হোৱা মতানৈক্যই চূড়ান্ত পৰ্যায় পায় আৰু ছাদ্দামে ব্ৰয়লাৰৰ ব্যৱসায়ত ব্যৱহাৰ কৰা চোকা অস্ত্ৰৰে আক্ৰমণ কৰে হামিদ আলীৰ পৰিয়ালক । এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় হামিদ আলীসহ পৰিয়ালৰ আন তিনিগৰাকী সদস্য ।

ধেমাজিত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

ঘটনাই ভয়ংকৰ দিশে গতি কৰাত স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত লোকসকলক চাপৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে । ঘটনা সন্দৰ্ভত চাপৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :হাতী-মানুহৰ সংঘাত: গোলাঘাটত নিহত মাতৃ-পুত্ৰ

ABOUT THE AUTHOR

...view details