অসম

assam

জোনাইত আন এগৰাকী কৰ'ণা ৰোগীৰ মৃত্যু

By

Published : Jul 31, 2021, 1:07 PM IST

চিকিৎসাধীন অৱস্থাতে হঠাৎ শুকুৰবাৰে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটি মৃত্যু হয় জোনাই সদৰৰ নিকটৱৰ্তী কানন গুৰি গাঁৱৰ নিবাসী জুতি কামান নামৰ ৪০ বছৰীয়া মহিলা গৰাকীৰ । জোনাইত বৰ্তমানলৈ তিনিগৰাকী ব্যক্তি ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাত জোনাই মহকুমাত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

covid patient death
জোনাইত আন এগৰাকী কৰ'ণা ৰোগীৰ মৃত্যু

জোনাই, ৩১ জুলাই :দেশত অব্যাহত আছে কৰ'ণাৰ (Corona) সংক্ৰমণ । কোনো কোনো ৰাজ্যত সংক্ৰমণ হ্ৰাস পাইছে যদিও আন একাংশত আকৌ দ্ৰুত সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । অসমত শেহতীয়াকৈ সংক্ৰমণ পূৰ্বৰ তুলনাত কিছু হ্ৰাস হৈছে যদিও প্ৰতিদিনে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে বিভিন্নজনৰ । বিভিন্ন জিলাৰ পৰা আহিছে মৃত্যুৰ খবৰ ।

এইবাৰ ধেমাজি জিলাৰ জোনাইত পুনৰ এগৰাকী মহিলাই কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় । এই মৃত্যুৰ খবৰে সমগ্ৰ জিলাখনতে আতংকৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য মতে জোনাই সদৰৰ নিকটৱৰ্তী কানন গুৰি গাঁৱৰ নিবাসী জুতি কামান নামৰ ৪০ বছৰীয়া মহিলা গৰাকী বিগত কিছুদিন ধৰি চৰ্দি, জ্বৰ হৈ থকাত জোনাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল । পৰীক্ষাত মহিলাগৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।

লগে লগে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ স্থানান্তৰ কৰা হয় মহিলাগৰাকীক । কিন্তু চিকিৎসাধীন অৱস্থাতে হঠাৎ শুকুৰবাৰে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু মৃত্যু হয় মহিলাগৰাকীৰ ৷

উল্লেখ্য যে জোনাইত বৰ্তমানলৈ তিনিগৰাকী ব্যক্তি ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাত জোনাই মহকুমাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বৰ্তমানলৈকে জোনাই মহকুমাত ক'ভিডত আক্ৰান্ত হৈছে ৭১৬ গৰাকী লোক । ইয়াৰে সক্ৰিয় ক'ভিড ৰোগীৰ (Active covid patient) সংখ্যা ৯৩ গৰাকী ৷

ইফালে সমগ্ৰ জিলাখনতে এতিয়া সষ্টম হৈছে জিলা প্ৰশাসন । সংক্ৰমণ ৰোধৰ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে । লগতে ৰাইজৰ মাজত ক'ভিড সম্পৰ্কীয় সজাগতা সৃষ্টিৰ বাবেও পদক্ষেপ লৈছে প্ৰশাসনৰ লোকসকলে ।

লগতে পঢ়ক :ঘোষণা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

ABOUT THE AUTHOR

...view details