ETV Bharat / state

ৰাজ্যত হ্ৰাস পাইছে পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা - DGP Assam on Road Safety

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 8:00 PM IST

Road accidents in Assam : অসমবাসীৰ বাবে এক সুখবৰ ৷ বিগত ছমাহ ধৰি ৰাজ্যত হ্ৰাস পাইছে পথ দুৰ্ঘটনাত হোৱা মৃত্যুৰ সংখ্যা ৷ এই তথ্য সামাজিক মাধ্যমত প্ৰকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ৷

DGP ASSAM ON ROAD SAFETY
পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা হ্ৰাস (Etv Bharat Assam)

গুৱাহাটী, 2 জুন : ৰাজ্যত হ্ৰাস পাইছে পথ দুৰ্ঘটনাত‌ নিহত হোৱা লোকৰ সংখ্যা ৷ বিগত ছমাহ ধৰি ৰাজ্যত হ্ৰাস পাইছে পথ দুৰ্ঘটনাত হোৱা মৃত্যুৰ সংখ্যা ৷ এই তথ্য সামাজিক মাধ্যমত প্ৰকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ৷

দেওবাৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ফেচবুকত প্ৰকাশ কৰা অনুসৰি 2022 চনৰ ডিচেম্বৰৰ তুলনাত 2023 চনৰ ডিচেম্বৰত সংঘটিত পথ দুৰ্ঘটনাত হোৱা মৃত্যুৰ সংখ্যা 30.69 শতাংশলৈ হ্ৰাস পাইছে ৷

লগতে পঢ়ক: Road Safety Awareness Guwahati: গুৱাহাটীৰ ৰাজপথত মা দুৰ্গাই সকিয়ালে মহিষাসুৰৰূপী আইন উলংঘাকাৰীক

আনহাতে, 2023 চনৰ জানুৱাৰীৰ তুলনাত 2024 চনৰ জানুৱাৰীত 24.16 শতাংশলৈ হ্ৰাস পাইছে পথ দুৰ্ঘটনাত হোৱা মৃত্যুৰ সংখ্যা ৷ একেদৰে 2023 চনৰ ফেব্ৰুৱাৰীৰ তুলনাত 2024 চনৰ ফেব্ৰুৱাৰীত 13.38% হ্ৰাস, 2023 ৰ মাৰ্চৰ তুলনাত 2024 চনৰ মাৰ্চত 24.21% লৈ হ্ৰাস পায় এই হাৰ ৷ 2023 চনৰ এপ্ৰিলৰ তুলনাত 2024 চনত এই সংখ্যা হ্ৰাস হৈ পায় 24.63 শতাংশ ৷

একেদৰে, 2023 চনৰ মে’ৰ তুলনাত 2024 চনৰ মে’ত 38.23% পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে ৷ চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা মে’লৈ পথ দুৰ্ঘটনাত হোৱা মৃত্যুৰ সংখ্যা বিগত বৰ্ষৰ তুলনাত 24.92% হ্ৰাস পাইছে ৷

লগতে পঢ়ক: আমিনগাঁৱৰ পৰা বাইক ৰেলীৰে ৰাজ্যজুৰি পথ-সুৰক্ষা জন আন্দোলন মুকলি পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

উল্লেখ্য যে, বিগত সময়চোৱাত ৰাজ্যত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে পৰিবহণ বিভাগে গ্ৰহণ কৰিছিল বিভিন্ন কাৰ্যসূচী ৷ পথ সুৰক্ষা সম্বন্ধীয় সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰৰ পৰিবহণ, আবকাৰী আৰু মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মটৰ চাইকেল চলাই ৰাজ্যৰ বিভিন্ন স্থানলৈ গৈ একাধিক সভাতো অংশগ্ৰহণ কৰিছিল ৷

দৈনিক পথ দুৰ্ঘটনাত নিহত হোৱা পৰিসংখ্যাত উদ্বিগ্নতা প্ৰকাশ কৰি ইয়াৰ বাবে দ্ৰুতগতিত বাহন চলোৱা, সুৰা সেৱন কৰি, ম’বাইলত কথা পাতি, হেলমেট পৰিধান নকৰাকৈ, চীটবেল্ট নলগোৱাকৈ গাড়ী চলোৱা আদি কাৰণবোৰত পথ দুৰ্ঘটনা সংঘটিত হয় ৷ সেয়েহে সকলোকে পথ দুৰ্ঘটনা ৰোধৰ বাবে প্ৰয়োজনীয় পঞ্চসূত্ৰ মানি চলিবলৈ আহ্বান জনাইছিল বিভাগীয় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: ৰাষ্ট্ৰসংঘৰ গোলকীয় পথ সুৰক্ষা সপ্তাহ: আহক একেলগে আমাৰ কণ্ঠস্বৰ শক্তিশালী কৰো - UN Global Road Safety Week

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.