আমিনগাঁৱৰ পৰা বাইক ৰেলীৰে ৰাজ্যজুৰি পথ-সুৰক্ষা জন আন্দোলন মুকলি পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ
Published: Nov 19, 2023, 9:08 PM

আমিনগাঁৱৰ পৰা বাইক ৰেলীৰে ৰাজ্যজুৰি পথ-সুৰক্ষা জন আন্দোলন মুকলি পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ
Published: Nov 19, 2023, 9:08 PM
পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দেওবাৰে বাইক ৰেলী কৰি ৰাজ্যজুৰি পথ-সুৰক্ষা জন আন্দোলন শীৰ্ষক অভিযান আৰম্ভ কৰে ৷ পথ-দুৰ্ঘটনা ৰোধ আৰু মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্যৰে পথ-দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি নৱেম্বৰ মাহৰ তৃতীয়টো দেওবাৰে পালন কৰা বিশ্ব স্মৃতি দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে ৰাজ্যৰ পৰিবহন মন্ত্ৰী গৰাকীয়ে এই অভিযান আৰম্ভ কৰে ৷
গুৱাহাটী, 19 নৱেম্বৰ : সমগ্ৰ দেশৰ লগতে অসমতো দিনক দিনে পথ-দুৰ্ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত পথ-সুৰক্ষা সজাগতাক সমাজৰ সৰ্বস্তৰতে জন আন্দোলন হিচাপে গঢ়ি তোলাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দেওবাৰে বাইক ৰেলী কৰি ৰাজ্যজুৰি “পথ-সুৰক্ষা জন আন্দোলন” শীৰ্ষক অভিযান আৰম্ভ কৰে ৷ উল্লেখ্য যে পথ-দুৰ্ঘটনা ৰোধ আৰু মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্যৰে পথ-দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি নৱেম্বৰ মাহৰ তৃতীয়টো দেওবাৰে পালন কৰা বিশ্ব স্মৃতি দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে ৰাজ্যৰ পৰিবহন মন্ত্ৰী গৰাকীয়ে এই অভিযান আৰম্ভ কৰে ৷
এই উপলক্ষে দেওবাৰে অসম চৰকাৰৰ পৰিবহন বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত আমিনগাঁৱত অনুষ্ঠিত এখন সভাত উপস্থিত থাকি পৰিবহন মন্ত্ৰী গৰাকীয়ে সাম্প্ৰতিক বিজ্ঞানৰ জয়জয় ময়ময় যাত্ৰাৰ সময়তো আমাৰ উচ্চশিক্ষিত লোকৰ মাজতো পথ-সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সচেতনতাৰ অভাৱ বুলি উল্লেখ কৰি দুৰ্ঘটনা ৰোধ, নিহতৰ সংখ্যা হ্ৰাস আৰু যানবাহন ব্যৱহাৰকাৰীকে ধৰি পথেৰে যাতায়াত কৰা সকলো শ্ৰেণীৰ লোকৰ মাজত স্থায়ীভাৱে সজাগতাৰ লক্ষ্য স্থিৰ কৰি পথ সুৰক্ষা জনআন্দোলনৰ যাত্ৰা আৰম্ভ কৰাৰ কথা কয় ৷
তেওঁ কয় যে যানবাহনৰ দ্ৰুত উন্নয়নশীল তথা বিজ্ঞানৰ জয়যাত্ৰাত অংশীদাৰ হোৱাৰ লগে লগে আমি বিজ্ঞানৰ সদ ব্যৱহাৰো কৰিব পাৰিব লাগিব ৷ অসমত পথ-দুৰ্ঘটনাত প্ৰতিবছৰেই 3,000ৰো অধিক লোকে অকাল মৃত্যুক সাবতি ল’বলগীয়া ঘটনা বিজ্ঞানৰ উন্নয়নমুখী যাত্ৰাৰ পৰিৱৰ্তে চূড়ান্ত অৱহেলা আৰু অসাৱধানতা বুলি উল্লেখ কৰি নিহত প্ৰতিগৰাকী ব্যক্তিৰ নামত সমাজখনে মূল্যৱান সম্পদ হেৰুৱাইছে বুলি মন্তব্য কৰে ৷ অসমৰ ৰাজপথত সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখাৰ স্বাৰ্থত আনকি তেওঁ ভিআইপি হিচাপে নহয় সমাজৰ এজন সাধাৰণ কৰ্মী হিচাপে পথ সুৰক্ষা জন আন্দোলনত চামিল হোৱা বুলি কয় ৷ এই যাত্ৰাৰ সময়ত তেওঁ মনত এক আকুতি আৰু প্ৰয়াস লৈ অসম বিধান সভাৰ সকলো সমষ্টিৰ যিকোনো লোকৰ লগত আলোচনা, পথসভা আদিত মিলিত হ’ব বুলিও সদৰি কৰে ৷
গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত পৰিবহন বিভাগৰ সচিব আদিল খান,পৰিবহন আয়ুক্ত এছ ডাঃ ৰবীন কুমাৰ, কামৰূপ জিলাৰ আয়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ কীৰ্তি জল্লী, সাংসদ কুইন ওজা আৰু হাজো সমষ্টিৰ বিধায়ক সুমন হৰিপ্ৰিয়াইয়ো সমাজৰ সৰ্বস্তৰতে পথ সুৰক্ষা সজাগতা গঢ়ি তোলাৰ বাবে বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায় ৷ অনুষ্ঠানত অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচালন সঞ্চালক ৰাহুল দাস, আবকাৰী বিভাগৰ অতিৰিক্ত আয়ুক্ত সঞ্জীৱ মেধি, জিলা আৰক্ষী অধীক্ষক হীতেশ ৰায়সহ পৰিবহন বিভাগৰ বিভিন্ন উচ্চপদস্থ বিষয়া আৰু পথ সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগৰ বিষয়াৰ লগতে পথ দুৰ্ঘটনাত নিহত একাংশ ব্যক্তিৰ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে ৷
