ETV Bharat / state

ঘোষণা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

author img

By

Published : Jul 31, 2021, 9:37 AM IST

Updated : Jul 31, 2021, 10:38 AM IST

ঘোষণা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ৷ AHSEC ৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ, বাণিজ্যত উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ আৰু বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.০৬ শতাংশ ৷

AHSEC ANNOUNCES HS RELUSTS
ঘোষণা হ’ল অসম সম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

গুৱাহাটী, ৩১ জুলাই: বহু উৎকণ্ঠাৰ অৱসান ঘটাই 31 জুলাই অৰ্থাৎ আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল । ক'ভিডকালীন পৰিস্থিতিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰি বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল ঘোষণা কৰে । অসমৰ শৈক্ষিক ইতিহাসত এয়া এক নজিৰ বিহীন ঘটনা ।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফলাফল এইবাৰ পৰীক্ষা অবিহনেই ঘোষণা কৰা হ'ল । এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ২,৪৯,৮১২ গৰাকী । ইয়াৰ ভিতৰত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ, বিজ্ঞান শাখাত ৯৯.০৬ শতাংশ আৰু বাণিজ্য শাখাত ৯৯.৫৭ শতাংশ ।

ঘোষিত ফলাফল অনুসৰি কলা শাখাত ১,৯১,৮৫৫ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হৈছে ১,৮৯,৭৯৩ গৰাকী । ইয়াৰে ৫৮২৪৪ গৰাকীয়ে প্ৰথম বিভাগ, ৮৯৫২০ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৪২০২৯ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । ২০২০ বৰ্ষত কলা শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৭৮.২৮ শতাংশ ।

আনহাতে, বিজ্ঞান শাখাত মুঠ ৩৮৪৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩৮০৬৮ গৰাকী উত্তীৰ্ণ হৈছে । উত্তীৰ্ণ সকলৰ ৩২৯১৭ গৰাকীয়ে প্ৰথম বিভাগ, ৪৬০৯ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৫৪২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । বিগত বৰ্ষত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৮৮.০৬ শতাংশ ।

বাণিজ্য শাখাত মুঠ ১৮৪৪৩ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হৈছে ১৮৩৬৪ গৰাকী । উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ । বাণিজ্যত ১১১৮৯ গৰাকীয়ে প্ৰথম বিভাগত, ৫৪৯৭ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ১৬৭৮ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ।

ভকেচনেল শাখাত মুঠ ১০৮১ গৰাকীৰ ভিতৰত ১০৫৩ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে । উত্তীৰ্ণৰ হাৰ ৯৭.৪১ শতাংশ । ইয়াৰ ভিতৰত ৬১৮ গৰাকীয়ে প্ৰথম বিভাগ, ৩৮১ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৫৪ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে ।

পুৱা ৯বজাৰ লগে লগে আনুষ্ঠানিকভাৱে ঘোষণা হয় ফলাফল । মুঠ ১১ টা ডিজিটেল ৱেবচাইট আৰু দুটা এনৰইড ম’বাইল এপছত উপলব্ধ হয় উচ্চতৰ মাধ্যমিকৰ ফলাফল । কৰ'ণাৰ বাবে পৰীক্ষাৰ ফলাফলত অভিলেখ ।

লগতে পঢ়ক: ক’ত কেনেদৰে লাভ কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল ?

Last Updated : Jul 31, 2021, 10:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.