ধেমাজি, 31 মাৰ্চ :Guinness book of world records ৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত সম্প্ৰতি জিলাই জিলাই চলিছে বিহু নাচনীৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ জিলা প্ৰশাসনৰ উদ্যোগত পাঁচদিনীয়াকৈ ধেমাজি চিলাৰায় ভৱনত চলিছে বিহুনাচৰ আখৰা ৷ ধেমাজিৰ বিহুৱতীসকলৰ বিহুনাচৰ আখৰা চাবলৈ বৃহস্পতিবাৰে ধেমাজিত উপস্থিত হয় মন্ত্ৰী অশোক সিংহাল (Ashok Singhal in Dhemaji) ৷
জানিব পৰা মতে, ধেমাজি জিলাৰ পৰা মুঠ চাৰি শতাধিক বিহুৱা বিহুৱতীয়ে অংশ ল’ব 14 তাৰিখে গুৱাহাটীত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত বিহুনাচৰ মহাৰণত (Guinness book of world record Assam Bihu) ৷ ইয়াৰে ভিতৰত কেৱল ধেমাজি সমষ্টিৰ পৰা গুৱাহাটীলৈ যাব দুই শতাধিক নাচনী ৷ এই নাচনীৰ ভৰিৰ গিৰিপনীত এতিয়া ৰজনজনাইছে ধেমাজিৰ নগাখেলিয়াৰ চিলাৰায় ভৱনৰ চৌহদ ৷
বিহুনাচৰ এই চূড়ান্ত আখৰা শিবিৰত ব্যস্ত হৈ পৰিছে ধেমাজি বিধান সভা সমষ্টিৰ 277 গৰাকী বিহুৱা আৰু বিহুৱতী ।বৃহস্পতিবাৰে ধেমাজিৰ এই আখৰা শিবিৰত উপস্থিত হৈ বিহুৱা-বিহুৱতীসকলক 14 এপ্ৰিলৰ দিনা সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি ধেমাজিৰ নাম জিলিকাবলৈ আহ্বান জনায় মন্ত্ৰী অশোক সিংহালে ৷