অসম

assam

Har Ghar Tiranga march: জোনাইত বিজেপিৰ সজাগতামূলক শোভযাত্ৰা

By

Published : Aug 8, 2022, 8:47 PM IST

Updated : Aug 8, 2022, 10:52 PM IST

সোমবাৰে জোনাইত ‘ঘৰে ঘৰে ত্ৰিৰংগা’ (Har Ghar Tiranga Abhiyan) কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে পূৱ জোনাই বিজেপিৰ মণ্ডলৰ উদ্যোগত হাতে হাতে পতাকা লৈ এক সজাগতামূলক শোভাযাত্ৰা আয়োজন কৰা হয় ৷

Har Ghar Tiranga march at Jonai in Dhemaji
জোনাইত বিজেপিৰ সজাগতামূলক শোভযাত্ৰা

জোনাই, 8 আগষ্ট:ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ (75th Independence Day) উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত উদযাপন কৰা হৈছে "আজাদী কা অমৃত মহোৎসৱ" (Azadi Ka Amrit Mahotsav) ৷ ইয়াৰ লগত সংগতি ৰাখি সকলোৰে ঘৰে ঘৰে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ত্ৰিৰংগা উৰুৱাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছিল ।

জোনাইত বিজেপিৰ সজাগতামূলক শোভযাত্ৰা

সেই আহ্বানক সহাঁৰি জনাই সোমবাৰে ‘ঘৰে ঘৰে ত্ৰিৰংগা’ (Har Ghar Tiranga Abhiyan) কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে জোনাই মহকুমাত পূৱ জোনাই বিজেপিৰ মণ্ডলৰ উদ্যোগত জনসাধাৰণক সজাগ কৰিবলৈ হাতে হাতে পতাকা লৈ জোনাইৰ বিভিন্ন অঞ্চলত শোভাযাত্ৰা কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে বিজেপি কৰ্মীসকলে (Har Ghar Tiranga march at Jonai) ।

এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলোৱে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ ত্ৰিৰংগা যাত্ৰা উলিয়াই বন্দে মাতৰম, ভাৰত মাতা কি জয়, আজাদি কা অমৃত মহোৎসৱ, ঘৰে ঘৰে পতাকা উত্তোলন কৰক আদি ধ্বনিৰে মুখৰিত কৰি তোলে জোনাইৰ আকাশ বতাহ ।

লগতে পঢ়ক:Azadi ka Amrit Mahotsav: BCPLৰ উদ্যোগত ডিব্রুগড়ত ৭৫ জনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

Last Updated :Aug 8, 2022, 10:52 PM IST

ABOUT THE AUTHOR

...view details