অসম

assam

Flood hits Assam : তৃতীয়টো বানত জোনাইৰ জামুগুৰিত হাহাকাৰ পৰিস্থিতি

By

Published : Oct 13, 2022, 11:53 AM IST

জোনাইৰ জামুগুৰিত দিখাৰী নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ১৮ খনৰো অধিক গাঁও (Flood hits Jonai of Dhemaji District) । বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি । বৃহত্তৰ অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজে যোৱা প্ৰায় ৫ দিনে ঘৰৰ ভিতৰতে জলবন্দী হৈ থকাত খাদ্য-সামগ্ৰী, খোৱাপানী, চিকিৎসা আদিকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ।

jonai
jonai

জোনাই, ১৩ অক্টোবৰ : আহিনৰ আবতৰীয়া বানত পুনৰ আলৈ-আথানি হৈছে ৰাজ্যৰ গঞা সমাজৰ । চলিত বছৰৰ তৃতীয়টো বানত ইতিমধ্যে ককবকাইছে ৰাজ্যৰ কেইবাখনো জিলাৰ সহস্ৰাধিক লোকে । শেহতীয়াভাৱে ধেমাজি জিলাৰ জোনাইৰ বিভিন্ন প্ৰান্ততো এই আবতৰীয়া বানে তাণ্ডৱ চলাইছে ।

জোনাই মহকুমাৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত জামুগুৰি অঞ্চলত দিখাৰী নদীৰ বাঢ়নি পানীত যোৱা প্ৰায় ৫ দিন ধৰি জলমগ্ন হৈ আছে ১৮ খনৰো অধিক গাঁও (Flood hits Jamuguri in Jonai) । আবতৰীয়া বানত বুৰ গৈ আছে অঞ্চলটোৰ শ শ পৰিয়ালৰ ঘৰ-বাৰী, কৃষিভূমি, বাট-পথ, দলং, বিদ্যালয়, মন্দিৰ, নামঘৰ আদি । জামুগুৰি অঞ্চলৰ ১, ২ আৰু ৩ নং জামুগুৰি, ১ নং উলুৱনি, ২ নং উলুৱনি, বিষ্ণুপুৰ, তাকাবাৰী, নালাপাৰা, টেঙাপাৰা, মাজগাঁও জয়পুৰ, মুলান, চিয়াদী বস্তি, মন্তান আদিকে কৰি প্ৰায় ১৮ খনৰো অধিক গাঁৱৰ ঘৰ-বাৰী,কৃষিভূমি, বাটপথ আদি বুৰাই পেলাইছে দিখাৰী নৈৰ বাঢ়নি পানীয়ে (people badly affected by flood in Dhemaji) ।

ফলত বৃহত্তৰ অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজে যোৱা প্ৰায় ৫ দিনে ঘৰৰ ভিতৰতে জলবন্দী হৈ থকাত খাদ্য-সামগ্ৰী, খোৱাপানী, চিকিৎসা আদিকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে । ইফালে বাট-পথসমূহ সম্পূৰ্ণৰূপে বানে বুৰাই পেলোৱাত বহিঃজগতৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজৰ যোগাযোগ । মানুহৰ সমান্তৰালকৈ খাদ্য সংকটে দেখা দিছে পশুধনৰ মাজতো ।

তৃতীয়টো বানত জোনাইৰ জামুগুৰিত হাহাকাৰ পৰিস্থিতি

পোহনীয়া গৰু, গাহৰি, ছাগলী আদি ওখ ঠাই বিচাৰি কোনোমতে ৰখা হৈছে যদিও তীব্র খাদ্য সংকটত ভুগি মৃত্যু হৈছে বহু পশুধনৰ । কিন্তু ইমানৰ পিছতো জোনাই মহকুমা প্রশাসনে আজি পর্যন্ত কোনো খবৰ নোলোৱাৰ অভিযোগ কৰিছে জামুগুৰি অঞ্চলৰ বানপীড়িত ৰাইজে ।

উল্লেখ্য, ৰাজ্যত পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে বানে (Flood in Assam) । বিশেষকৈ উজনি অসমত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । ৰাজ্যত বছৰটোৰ বানৰ তৃতীয় ঢৌ আৰম্ভ হৈছে বুলি বুধবাৰে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে সদৰী কৰিছে (Third wave of floods of year begins) । ৰাজ্যত বছৰটোৰ বানৰ তৃতীয়টো ঢৌত এতিয়ালৈকে উজনি অসমৰ ৫ খন জিলা সংহাৰী বানৰ কবলত পৰিছে (Five districts of Assam affected by floods) ।

বুধবাৰে সন্ধিয়া অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে (Assam State Disaster Management Department) সদৰী কৰা তথ্য অনুসৰি, অৰুণাচল প্ৰদেশ আৰু অসমত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনে ২০২২ চনৰ ৭ অক্টোবৰৰ পৰা তৃতীয়বাৰ বানৰ সন্মুখীন হৈছে । ৰাজ্যখনৰ এই বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA)(State Disaster Management Authority) সকলো অংশীদাৰৰ সৈতে গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত জিলাসমূহলৈ সঁহাৰি আৰু পুনৰুদ্ধাৰ সেৱা বৃদ্ধি কৰিছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰী কৰিছে ।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ৫ খন জিলা ক্ৰমে ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, লখিমপুৰ, নগাঁৱৰ ১১ খন ৰাজহ চক্ৰৰ ১১০ খন গাঁৱৰ ৬৯,৭৫০ জন লোক বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে । ৩০২১.৪০ হেক্টৰ শস্যভূমি বিগত ২৪ ঘণ্টাত প্লাৱিত হৈছে । বানৰ এই তৃতীয় ঢৌত কোনো মানৱ জীৱন হানি হোৱাৰ খবৰ পোৱা হোৱা নাই ।

বিগত ২৪ ঘণ্টাত ধেমাজি, ডিব্ৰগড়, গোলাঘাট, লখিমপুৰ, নগাঁৱকে ধৰি ৫ খন জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য সামগ্ৰী প্ৰদান কৰাৰ বাবে ২২ টা সাহায্য বিতৰণ কেন্দ্ৰ কাৰ্যকৰী কৰা হৈছে । ৰাজ্যখনত নেৰানেপেৰা বৰষুণৰ ফলত উদ্ভৱ হোৱা বান পৰিস্থিতি তীক্ষ্ণ নিৰীক্ষণৰ অধীনত আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰী কৰিছে । মন কৰিবলীয়া যে এতিয়ালৈকে ধেমাজি জিলাত ৩৮ হাজাৰ ৭৭৪ জন, লখিমপুৰত ২৭ হাজাৰ ৮৫৭ জন আৰু ডিব্ৰগড়ত ৩ হাজাৰ ৮৫৭ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে ।

লগতে পঢ়ক :Flood in Assam: ৰাজ্যত বানৰ তৃতীয় ঢৌত ৭০ হাজাৰ লোক ক্ষতিগ্ৰস্ত

ABOUT THE AUTHOR

...view details