অসম

assam

পঞ্জীয়নভুক্ত ই-ৰিক্সা চলাচলত প্ৰশাসনৰ বাধা

By

Published : May 2, 2019, 6:18 PM IST

ধেমাজি জিলা ই-ৰিক্সা সন্থাই ই-ৰিক্সা চালকসকলৰ সৈতে জিলা প্ৰশাসনে কৰা বৈষম্যমূলক আচৰণৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

ই-ৰিক্সা সন্থাৰ প্ৰতিবাদ

ধেমাজি, 2 মেঃধেমাজি জিলা প্ৰশাসনে ই-ৰিক্সাচালকসকলক 15নং ৰাষ্ট্ৰীয় ঘাইপথত বাহন চলোৱাত বাধা আৰোপ কৰে ৷ ইয়াকে লৈ বৃহস্পতিবাৰে শতাধিক ই-ৰিক্সাচালকে প্ৰতিবাদত উত্তাল কৰি তোলে ধেমাজি উপায়ুক্তৰ কাৰ্যালয় ৷

ই-ৰিক্সা সন্থাৰ প্ৰতিবাদ

ই-ৰিক্সা সন্থাই প্ৰকাশ কৰা অনুসৰি জিলা সদৰস্থানত অনুজ্ঞাপত্ৰ থকাৰ পিচটো আৰক্ষী তথা জিলা প্ৰশাসনে বাধা আৰোপ কৰি আহিছে ৷ আনহাতে অনুজ্ঞাপত্ৰৰ নামত দহ হেজাৰকৈ টকা সংগ্ৰহ কৰা জিলা প্ৰশাসনে ই-ৰিক্সা চালকসকলক এইদৰে বাধা আৰোপ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ই-ৰিক্সা চালকসকলে ৷ ইপিনে জিলা সদৰস্থানত অনুজ্ঞাপত্ৰ নথকাকৈ Ape city, Ape tempo আদি তিনিচকীয়া বাহনসমূহ চলাচল কৰি আছে ৷ এই বিষয়ে আৰক্ষী, জিলা প্ৰশাসন তথা পৰিবহন বিভাগে ই-ৰিক্সা চালকৰ সৈতে বৈষম্যমূলক আচৰণ কৰিছে বুলি অভিযোগ উত্থাপন কৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ই-ৰিক্সা সন্থাই ৷

ABOUT THE AUTHOR

...view details