অসম

assam

জোনাইত ৩৭ সংখ্যক দঞি পঃল দিৱস

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 6:56 PM IST

সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ লগতে জোনাইৰ বিভিন্ন প্ৰান্ততো ৩৭ ত্বম দঞি পঃল দিৱস পালন । জোনাইৰ গালী মিগাঙ, উজনি বিজয়পুৰৰ লগতে ডেকাপাম আমলখি পাইতত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন উত্তৰ পূৰ্বাঞ্চলৰ এক বৃহৎ ধৰ্ম দঞি পঃল দিৱস ।

dayi pahl divas at Jonai
দঞি পঃল দিৱসত আলোচনা চক্ৰ

দঞি পঃল দিৱসত আলোচনা চক্ৰ

জোনাই, ৩১ ডিচেম্বৰ:জোনাইত আজি উলহ-মালহেৰে পালন কৰা হয় দঞি পঃল দিৱস। উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসম-অৰুণাচলত বসবাস কৰা আদি-মিচিঙৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ এক বৃহৎ ধৰ্মীয় সংগঠন দঞি পঃল য়েলাম কেবাঙৰ উদ্য়োগত সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ লগতে জোনাইৰ বিভিন্ন প্ৰান্ততো পালন কৰা হয় ৩৭ ত্বম দঞি পঃল দিৱস ।

উল্লেখ্য যে দঞি পঃল য়েলাম কেবাঙৰ উদ্য়োগত দঞি পঃলক ধৰ্ম হিচাপে স্বীকৃতি দিয়াৰ পোষকতা কৰি আহিছিল । ইয়াৰ পিছত অৱশেষত ১৯৮৬ চনৰ ৩১ ডিচেম্বৰত জাৰ্মানীৰ হাৰ্মবাকত আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় সন্মিলনে ধৰ্ম হিচাপে দঞি পঃলক স্বীকৃতি দিয়ে। সেই দিনটোৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ দঞি পঃল ধৰ্মাৱলম্বী লোকসকলে দঞি পঃল দিৱস হিচাপে পালন কৰি আহিছে ।

দঞি পঃল দিৱসৰ কাৰ্যসূচী মৰ্মে গালী মিগাঙৰ গাংগিঙত পুৱা পতাকা উত্তোলন কৰে দঞি পঃল মিগাঙ গাংগিঙ সমিতিৰ সভাপতি পবিন দলেই । উজনি বিজয়পুৰ গাংগিঙত সভাপতি দণ্ডি পাদুন আৰু ডেকাপাম আমলখি পাইত গাংগিঙত অৱাং জোনাই দঞি পঃল য়েলাম কেবাঙৰ সভাপতি সৰ্বেশ্বৰ দলেয়ে পতাকা উত্তোলন কৰে । দঞি পঃল দিৱসৰ উপলক্ষে আমলখি পাইতত উদযাপন কৰা দঞি পঃল দিৱসত অৱাং জোনাই দঞি পঃল য়েলাম কেবাঙৰ সাধাৰণ অধিবেশন অনুষ্ঠিত কৰি এখন নতুন সমিতি গঠন কৰে । লগতে উজনি বিজয়পুৰ গাংগিঙতো জন্মেশ্বৰ মেদকক সভাপতি আৰু দেৱৰাম টায়েক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি ২৫ জনীয়া সমিতি গঠন কৰা হয় । জোনাইৰ প্ৰতিখন গাংগিঙ উৎযাপন কৰা দঞি পঃল দিৱসত দঞি পঃলৰ বিষয়ে আলোচনা কৰা হয় ।

লগতে পঢ়ক:সমষ্টি পুনৰ নিৰ্ধাৰণৰ যোগেদি খিলঞ্জীয়াক সুৰক্ষা প্ৰদানৰ ধাৰণাক প্ৰত্যাখান দেৱব্ৰত শইকীয়াৰ

ABOUT THE AUTHOR

...view details