অসম

assam

শীঘ্ৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা উৎপন্ন হ’ব বিদ্যুৎ; কেন্দ্ৰীয় শক্তিমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 8:24 AM IST

Updated : Nov 28, 2023, 12:06 PM IST

কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ সংবাদমেল ৷ গেৰুকামুখৰ প্ৰকল্পস্থলীৰ সভাকক্ষত সম্বোধন কৰে সংবাদমেলখনৰ ৷ অহা 6 মাহৰ ভিতৰত এন এইচ পি চিত বিদ্যুত উৎপাদন হ'ব বুলি শক্তিমন্ত্ৰী আৰ কে সিঙৰ ঘোষণা ৷

central Power minister press meet in NHPC conference HALL REGARDING NHPC DAM
কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ সংবাদমেল

কেন্দ্রীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ সংবাদমেল

ধেমাজি, 28 নৱেম্বৰ:নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প সন্দৰ্ভত কেন্দ্রীয় শক্তিমন্ত্ৰী আৰ কে সিঙে সোমবাৰে এখন সংবাদমেলৰ আয়োজন কৰে ৷ অহা 6 মাহৰ ভিতৰত প্ৰকল্পটোত বিদ্যুৎ উৎপাদন কৰা হ'ব বুলি সংবাদমেলত উল্লেখ কৰে শক্তিমন্ত্ৰীগৰাকীয়ে ৷ দেওবাৰৰ সন্ধিয়া গেৰুকামুখৰ প্ৰকল্পস্থলীৰ সভাকক্ষত কেন্দ্রীয় শক্তিমন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে ৷

সংবাদমেলখনৰ জৰিয়তে কেতবোৰ গুৰুত্বপূৰ্ণ কথাও সংবাদ মাধ্যমৰ আগত সদৰী কৰে শক্তিমন্ত্ৰীগৰাকীয়ে ৷ সোৱণশিৰি নদীবান্ধক লৈ এক প্ৰকাৰ সন্তুষ্টি প্ৰকাশ কৰে শক্তিমন্ত্ৰীগৰাকীয়ে ৷ শক্তিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে অৰুণাচল আপাৰ চিয়াঙত শীঘ্ৰে স্থাপন হ'ব 11 হাজাৰ মেগাৱাট ক্ষমতাসম্পন্ন বিদ্যুৎ প্ৰকল্প ৷ ইয়াৰোপৰি ভাৰতবৰ্ষত বিদ্যুতৰ চাহিদা ব্যাপক ৰূপত বৃদ্ধি পোৱাৰ বিপৰীতে উৎপাদনৰ হাৰ নিম্নগামী হৈছে বুলি উল্লেখ কৰে শক্তিমন্ত্ৰীগৰাকীয়ে ৷ সেয়ে বিদ্যুৎ উৎপাদনৰ বাবে বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু ৰাইজেও সমৰ্থন আগবঢ়াইছে বুলি কয় শক্তিমন্ত্ৰী সিঙে ৷

কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ সংবাদমেল

শক্তিমন্ত্ৰী সিঙে উল্লেখ কৰা মতে অৰুণাচলত 13 টা প্ৰজেক্টত 13000 মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে ইতিমধ্যেই এমৱেত স্বাক্ষৰিত হৈছে ৷ তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে অসমৰ দল-সংগঠনৰ তীব্ৰ বিৰোধিতাৰ বাবে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম-কাজৰ বাবে প্ৰয়োজন হ’ল 7 বছৰৰ ৷ যাৰবাবে ইয়াৰ ব্যয় দ্ৰুতগতিত বৃদ্ধি পোৱাত চিন্তান্বিত হৈ পৰিছে শক্তি মন্ত্ৰণালয় ৷

সংবাদমেলখনত উপস্থিত থাকে এন এইচ পি চিৰ মুখ্য পৰিচালন সঞ্চালক আৰ কে বিষ্ণয় আৰু শক্তি বিভাগৰ সচিব পংকজ আগৰৱালা ৷ উল্লেখ্য যে, বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে ধাৰাবাহিক পাহাৰ খহা কাৰ্যকে ধৰি এটাৰ পিছত আনটো অঘটন হৈ থকা পৰিলক্ষিত হৈছে ৷ উক্ত বিষয়টোক লৈ ৰাজ্যত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত থকাৰ সময়ত কেন্দ্ৰীয় শক্তিমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক:Lower Subanshiri big dam: ৰাইজে বিচাৰিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দায়িত্ব ল’ব আলফা (স্বা) ই

Last Updated :Nov 28, 2023, 12:06 PM IST

ABOUT THE AUTHOR

...view details