অসম

assam

জোনাইত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ

By

Published : Jul 4, 2020, 5:23 AM IST

চৰকাৰৰ মূল্যবৃদ্ধি বিৰুদ্ধে জোনাইত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত ছাত্ৰ সংগঠনটোৰ ৷

Burning of effigy of Supply Minister Phani Bhusan Choudhury in Jonai
Burning of effigy of Supply Minister Phani Bhusan Choudhury in Jonai

জোনাই, 3 জুলাই: ৰাজ্যত এতিয়া বাৰিষাৰ সময় ৷ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ ৷ চৰকাৰে যোগান ধৰিব পৰা নাই পৰ্যাপ্ত পৰিমানৰ বান সাৰ্হায্য ৷ আনহাতে কৰ’ণা মহামাৰীয়ে কোঙা কৰি পেলাইছে বহুতৰ আৰ্থিক অৱস্থা ৷ এনেসময়ত বহুতৰ বাবে এসাঁজ খাই এসাঁজ জোগাৰ কৰাৰ বাবে নানান সমস্যাই দেখা দিছে ৷ তাতে অসাধু ব্যৱসায়ী মুনাফাৰ লোভত বৃদ্ধি কৰিছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য ৷ যাৰ বাবে শুকুৰবাৰে খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত জোনাই আঞ্চলিক ছাত্ৰ সন্থাই জোনাইৰ ৰাংকপ তিনিআলিত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

ৰাজ্যখনত মাধমাৰ সোধাই পুঁজিপতিক ৰঙা দলিচা পাৰি দিয়া কাৰ্যক কোনো কাৰণতে মানি লোৱা নহ'ব বুলি আছুৱে হুংকাৰ প্ৰদান কৰিছে । লগতে ল’ক ডাউনৰ সময়ত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ নাটনি আৰু মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা ফণীভূষণ চৌধুৰীক কঠোৰ সমালোচনা কৰে ।

জোনাইত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

মুখ্যমন্ত্ৰীক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় সংগঠনটোৱে । জোনাই ৰাংকপ তিনিআলিত শুকুৰবাৰে দিনৰ 1 বজাত ৰূপায়ণ কৰা আছুৰ প্ৰতিবাদী কাৰ্যসূচীত ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ৰাজীৱ গগৈ ধেমাজী জিলা ছাত্ৰ সন্থাৰ মূখ্য সাংগঠনিক সম্পাদক দিলীপ কুটুম জোনাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জীত বসুমতাৰী জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক, কৰ্ম কৰ্তাৰ লগতে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উপস্থিত থাকি কোনোপধ্যেই মূল্য বৃদ্ধি মানি লোৱা নহ'ব বুলি হুংকাৰ দি অসম চৰকাৰ কাম নাই, অসম চৰকাৰ গ’ বেক্ , সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, আছু জিন্দাবাদ আদি শ্ল'গান আওৰাই উত্তাল কৰি তোলে জোনাইৰ পৰিৱেশ ।

ABOUT THE AUTHOR

...view details