ETV Bharat / bharat

অন্ধ প্ৰদেশত নতুনকৈ 837 গৰাকীৰ দেহত COVID-19

author img

By

Published : Jul 3, 2020, 11:23 PM IST

প্ৰায় 17 হাজাৰৰ কাষ চাপিছে আক্ৰান্তৰ সংখ্যাই । মৃতকৰ সংখ্যা 206 লৈ বৃদ্ধি ।

অন্ধ প্ৰদেশত নতুনকৈ 837 গৰাকীৰ দেহত COVID-19
অন্ধ প্ৰদেশত নতুনকৈ 837 গৰাকীৰ দেহত COVID-19

নিউজ ডেস্ক, 3 জুলাইঃ শুকুৰবাৰে পুৱা 9 বজালৈ অন্ধ্ৰ প্ৰদেশত 837 গৰাকী লোকৰ দেহত নতুনকৈ ধৰা পৰে COVID-19 । ইয়াৰ ফলত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ প্ৰায় 17 হাজাৰৰ কাষ চাপিছে । ৰাজ্যখনত আক্ৰান্তৰ লোকৰ সংখ্যা 16934 । আনহাতে মৃতকৰ সংখ্যা পুনৰ 8 গৰাকীলৈ বৃদ্ধি হৈছে । বৰ্তমানলৈ ৰাজ্যখনত মুঠ 206 গৰাকী লোক মৃত্যুমুখত পৰিছে ।

আনহাতে ৰাজ্যখনত 24 ঘণ্টাত 258 গৰাকী ৰোগ সুস্থ হৈ ঘৰলৈ উভতিছে । ৰাজ্যখনত সক্ৰিয় আক্ৰান্ত লোকৰ সংখ্যা 9,096 গৰাকী । তাৰে ভিতৰত 7,632 গৰাকী লোক সুস্থ হৈ উঠিছে ।

24 ঘণ্টাত ৰাজ্যখনত নতুনকৈ 38,898 গৰাকী লোকক পৰীক্ষা কৰোৱা হৈছে । আজিৰ তাৰিখলৈ ৰাজ্যখনত মুঠ 9,71,611 গৰাকী লোকক পৰীক্ষা কৰোৱা হৈছে ।

লগতে চাওক-প্লাষ্টিক: মানৱ সমাজৰ অভিশাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.