অসম

assam

Bamboo bridge collapse: ৰাইজৰ উন্নয়নৰ পৰিৱৰ্তে কেৱল মন্ত্ৰী-বিধায়কৰহে উন্নয়ন হৈছে: ৰাণা গোস্বামী

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 8:35 PM IST

চিলাপথাৰৰ মধ্য চিচিটঙানীৰ চহবাৰীত বাঁহৰ দলং ভাঙি আহত হোৱা ছাত্ৰ-ছাত্ৰীৰ ঘৰত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ৷ বিজেপিৰ বিধায়ক ভুৱন পেগু আৰু এম এ চি ৰ বিৰুদ্ধে আক্ৰমণাত্মক কংগ্ৰেছ নেতাগৰাকী ৷

APCC Working President Rana Goswami
বিধায়ক ভুৱন পেগুৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰাণা গোস্বামী

জোনাইত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী

জোনাই, 27 অক্টোবৰ : বিজেপি চৰকাৰৰ দিনত অসমত উন্নয়ন ঠিকেই হৈছে কিন্তু এই উন্নয়ন ৰাইজৰ বাবে হোৱা নাই ৷ উন্নয়ন হৈছে বিজেপিৰ মন্ত্ৰী-বিধায়কৰ ৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ৷ শুকুৰবাৰে জোনাইত উপস্থিত হৈ এই মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে জোনাই সমষ্টিৰ মধ্য চিচিটঙানীৰ চহবাৰী অঞ্চলৰ কেবাইখনো গাঁৱৰ নৈপৰীয়া মিচিং ৰাইজৰ একমাত্ৰ যাতায়তৰ ব্যৱস্থা থকা টঙানি নৈৰ ওপৰৰ বাঁহৰ দলঙ ভাগি পৰাত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আহত হোৱাৰ লগতে 5 গৰাকী শিক্ষাৰ্থী গুৰুতৰভাবে আহত হয় ৷ আহত ছাত্ৰ-ছাত্ৰী সকলৰ খবৰ ল'বলৈ শুকুৰবাৰে মধ্য চিচিটঙানীৰ চহবাৰী অঞ্চলত উপস্থিত হয় ৰাণা গোস্বামী ৷ ঘৰে ঘৰে গৈ দুখৰ সমভাগি হয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ৷

ৰাইজৰ খবৰ লৈ সংবাদ মাধ্যমৰ আগত বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ গোস্বামীয়ে কয় যে বিজেপি চৰকাৰৰ দিনত অসমত ৰাইজৰ উন্নয়নৰ পৰিবৰ্তে কেৱল দলৰ মন্ত্ৰী-বিধায়কৰহে উন্নয়ন হৈছে ৷ বিগত 15 বছৰে প্ৰদান বৰুৱা আৰু 15 বছৰে ভুৱন পেগুয়ে নিজৰ দখলত ৰখা জোনাই সমষ্টিত বিজেপিৰ শাসনত কিমান পৰ্যায়ৰ উন্নয়ন হৈছে সেয়া আজিৰ এই দৃশ্য সমূহ দেখিলে ৰাইজে অনুমান কৰিব পাৰিব ৷ বিজেপিৰ শাসনত জোনাই সমষ্টিত কোনো উন্নয়ন হোৱা নাই, মাথো এচি কোঠাত বহি থাকি কেৱল বিধায়কগৰাকীৰ নিজৰ উন্নয়নহে হৈছে বুলি কয় গোস্বামীয়ে ৷

তেওঁ কয় যে মিচিং স্বায়ত্বশাসিত পৰিষদক চৰকাৰে কোটি কোটি টকাৰ আৱন্টন দিছে যদিও সেই টকা মিচিং ৰাইজৰ উন্নয়নৰ পৰিবৰ্তে লুতি-পুটি খাইছে ৷ উন্নয়নৰ নামত পৰিষদে কেৱল মূৰঙঘৰ, ক্লাব ঘৰ বনোৱাই দায়িত্ব নেকি বুলি প্ৰশ্ন কৰি মিচিং স্বায়ত্বশাসিত পৰিষদলৈ অহা কোটি কোটি টকাৰ হিচাপ ৰাজহুৱা কৰিবলৈ তেওঁ দাবী জনায় ৷ এই সময়ছোৱাত নেতাজনক কংগ্ৰেছৰ বহু কৰ্মীয়ে সংগ দিয়ে ৷

লগতে পঢ়ক :Akhil Gogoi slams Pijush Hazarika : পীযুষ হাজৰীকাক সকীয়নি অখিল গগৈৰ

ABOUT THE AUTHOR

...view details