ধেমাজি, ১২ জানুৱাৰী: ধেমাজিত পুনৰ নাবালিকাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ চেষ্টা কৰাৰ ঘটনা সংঘটিত হৈছে । এইবাৰ হোষ্টেলত থকা এগৰাকী দহ বছৰীয়া নাবালিকাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । খোদ হোষ্টেলৰ গৰাকীয়ে এই দুষ্কৰ্ম কৰাৰ অভিযোগ উত্থাপিত হোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ পিচতেই নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে অভিযুক্তৰ বিৰুদ্ধে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত পোহৰলৈ আহিছে এই দুষ্কৰ্মৰ কথা ।
পৰিয়ালৰ লোকে অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধেমাজি জামুগুৰি পাঁচআলিৰ ললিল বৰা নামৰ পাষণ্ডটোক ৷ উত্থাপিত অভিযোগ মতে,ধেমাজি নৰোৱা থানৰ বাসিন্দা দহ বছৰীয়া ছাত্ৰী গৰাকীক টিউচনৰ বাবে ধেমাজি পাচঁআলিৰ ধৃত লোকজনৰ হোষ্টেলত থাকোতেই পাঁচআলিৰ ললিল বৰা নামৰ পাষণ্ডটোৱে এই দুষ্কৰ্ম সংঘটিত কৰে । যোৱা ৫ জানুৱাৰীৰ পৰা ছাত্ৰী গৰাকীক টিউচনৰ বাবে এই হোষ্টেলটোত আছিল ।