অসম

assam

Mangaldoi Raas Mahotsav : সনাতন ধৰ্মসভাৰ উদ্যোগত আয়োজন ৰাসোৎসৱৰ

By

Published : Nov 19, 2021, 9:56 PM IST

Raas Mahotsav organize in Mangaldoi

সাংসদ দিলীপ শইকীয়াই উদ্ধোধন কৰে শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ ৷ অনুষ্ঠানত ৰাসোৎসৱৰ সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰে সাংসদ শইকীয়াই ৷

মঙলদৈ, 19 নৱেম্বৰ : মঙলদৈত(Mangaldoi) সনাতন ধৰ্মসভাৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৪২ সংখ্যক শ্ৰী শ্ৰীকৃষ্ণ(Sri Krishna) ৰাস মহোৎসৱ(Raas Mahotsav) ৷ এই ৰাসোৎসৱৰ উদ্ধোধন কৰে সাংসদ দিলীপ শইকীয়াই(Dilip Saikia) ৷

শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱত অংশগ্ৰহণ কৰি সাংসদ দিলীপ শইকীয়াই কয় যে, "কোনোবাই আকাৰ ৰূপক আৰু কোনোবাই নিৰাকাৰ ৰূপক বিশ্বাস কৰে, কিন্তু শ্ৰীকৃষ্ণৰ অৱতাৰে কৰ্মক ধৰ্মৰূপে পৰিগণিত হোৱাৰ কথাহে আমি বিশ্বাস কৰো ৷ অনুষ্ঠানত ভাতৃত্ববোধ, ৰাসলীলাৰ ধাৰ্মিক আৰু আধ্যাত্মিক ভাতৃত্ববোধৰ কথাও কয় সাংসদগৰাকীয়ে ৷ অনুষ্ঠানত ৰাসোৎসৱৰ সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰে সাংসদ দিলীপ শইকীয়াই ৷

মঙলদৈত দুদিনীয়াকৈ আয়োজন ৰাসোৎসৱ

ৰাসোৎসৱৰ লগত সংগতি ৰাখি এখনি মুকলি সভাও আয়োজন কৰা হয় ৷ অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে সনাতন ধৰ্মসভাৰ বিত্তীয় সম্পাদক ৰাজেন্দ্ৰ নাথ ৰাজবংশী, ধৰ্মসভাৰ সভাপতি হলি চহৰীয়া, ৰাসোৎসৱ সমিতিৰ সভাপতি অতুল গোস্বামী, প্ৰাক্তন বিধায়ক গুৰুজোতি দাস ৷

অনুষ্ঠানটোত সাংসদগৰাকীয়ে পাৰিপাৰ্শ্বিক পৰিবেশৰ কথা ব্যক্ত কৰি গাইগৰুৰ উপকাৰীতাৰ লগতে জাৰ্চী গাই বা ক্ৰচ গাই যে উপকাৰী নহয় তাৰ ওপৰত বৈজ্ঞানিক ব্যাখা দাঙি ধৰে ৷ লগতে তেওঁ কয় যে, ক্ৰচ গাই গৰুৰ গাখীৰ উৎকৃষ্ট নহয়, কিন্তু দেশী গাই গৰুৰ গাখীৰ, গোৱৰ আৰু গো-মূত্ৰ মানুহৰ বাবে যথেষ্ট উপকাৰী ৷

উল্লেখ্য যে, মঙলদৈ সনাতন ধৰ্মসভাৰ উদোগত প্ৰতিবছৰেই 10 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা মৃন্ময় মূৰ্তিৰ ৰাসোৎসৱ ৷ কিন্তু ক'ভিড মহামাৰীৰ বাবে মাত্ৰ দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এইবাৰৰ ৰাস মহোৎসৱ ৷

লগতে পঢ়ক :বাক্সাৰ দীঘলদঙাত ৬৪ সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত

ABOUT THE AUTHOR

...view details